/asomiyapratidin/media/media_files/2025/10/09/new-ap-web-3-24-2025-10-09-13-34-21.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি আই ডিয়ে জেৰা অব্যাহত ৰাখিছে অভিযুক্তসকলক। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাও এই তদন্তৰ প্ৰতি সহযোগিতা আগবঢ়াই ছিংগাপুৰৰ পৰা আহি চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ বিশেষ তদন্তকাৰী গোটৰ সন্মুখত তেওঁৰ ভাষ্য প্ৰদান কৰে।
বুধবাৰে তেওঁক এছ আই টিয়ে দীৰ্ঘ সময় ধৰি জেৰা কৰাৰ পাছত সন্ধিয়ালৈ চি আই ডিয়ে এছক’ৰ্ট প্ৰদানেৰে তেওঁক কাৰ্যালয়ৰ পৰা লৈ যায়। জানিব পৰা মতে তেওঁক বৰঝাৰস্থিত বিমান বন্দৰলৈ সুৰক্ষিতভাৱে লৈ গৈ ছিংগাপুৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। তেওঁ প্ৰয়োজনত পুনৰ এছ আই টিৰ সন্মুখলৈ আহি তদন্ত প্ৰক্ৰিয়াত সহোযিগাত কৰাৰো আশ্বাস প্ৰদান কৰে।
কিন্তু লক্ষ্যণীয়ভাৱে ছিংগাপুৰৰ অন্যান্য প্ৰবাসী অসমীয়াৰ যিসকল ১৯ ছেপ্তেম্বৰৰ য়ট পাৰ্টিত আছিল তেওঁলোকে কিন্তু এছ আই টিৰ তদন্তৰ প্ৰতি সহাৰি নজনালো। ৬ অক্টোবৰৰ ভিতৰত তেওঁলোকক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁলোকে সেই নিৰ্দেশৰ প্ৰতি কোনো গুৰুত্বই নিদিলে।
এনে পৰিস্থিতিত চি আই ডিয়ে আজি দ্বিতীয়বাৰৰ বাবে এইসকল প্ৰবাসী অসমীয়ালৈ চমন জাৰি কৰিবলৈ বাধ্য হৈছে। লক্ষ্যণীয় বিষয় যে, অসম আৰক্ষীৰ চি আই ডিৰ এটা দলে গৈ ছিংগাপুৰত তদন্ত কৰিব বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যদিও অন্য এখন দেশলৈ গৈ তদন্ত কৰাৰ ক্ষেত্ৰত থকা আইনী জটিলতাৰ বাবেই সেয়া সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে।
অৱশ্যে তেওঁ দিল্লীস্থিত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিব। তেওঁ এই সন্দৰ্ভত কয়, অসম আৰক্ষীয়ে ছিংগাপুৰলৈ যাব নোৱাৰে।কিন্তু ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে অক্টোবৰ মাহতে দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তেওঁ সাক্ষাৎ কৰিব। অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্কৰ বাবেই ছিংগাপুৰ আৰক্ষীৰ পৰা সঠিক সহায় লাভ কৰিব বুলি তেওঁ নিশ্চিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us