/asomiyapratidin/media/media_files/2025/09/22/helem-22-2025-09-22-23-12-33.jpg)
ডিজিটেল সংবাদ,গহপুৰ: অসম আৰু অসমীয়াৰ হৃদস্পন্দন, আজন্ম শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ সমগ্ৰ ৰাজ্য। মৃত্যুৰ শেতেলিত শুই থকা আপোন শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ সৰুসজাইলৈ লক্ষ লক্ষ জনৰ স্ৰোত।
এক বেদনাদায়ক আৰু বুকুভগা পৰিৱেশৰ মাজত উচুপি থকা ৰাজ্যখনৰ প্ৰান্তে অনুষ্ঠিত হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ শোক সভা, শোক সমদল, শোভাযাত্ৰা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে গহপুৰ সমজিলাৰ প্ৰান্তে প্ৰান্তে জাতি-বৰ্ণ,ধৰ্ম নিৰ্বশেষে অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোভাযাত্ৰা আদি।
জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ সমগ্ৰ ৰাজ্য শোকত ডুব গৈ থকাৰ সময়তে গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰিত কালি সন্ধিয়া জুবিন গাৰ্গৰ শোভাযাত্ৰাকাৰী এটা দলৰ ওপৰত সংঘটিত হয় এটা অনাকাংক্ষিত আক্ৰমণ।জানিব পৰামতে-হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাপথাৰৰ প্ৰায় দুই শতাধিক যুৱক তথা জুবিন অনুৰাগীয়ে গণ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে এক শোভাযাত্ৰা উলিয়াই।
মটৰ বাইক,সৰু গাড়ীৰে উলিওৱা শোভাযাত্ৰাটো বৰুৱাপথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ঘাঁহিগাঁও-হেলেম চাৰিআলিৰ পৰা মিছামাৰী হৈ গমিৰিত উপস্থিত হয়।তেতিয়া সময় প্ৰায় সন্ধিয়া ৭-৩০ বাজিছিল।
"জয় জুবিন দা",উই লাভ জুবিন দা","জুবিন দা অমৰ হওঁক" আদি শ্ল'গান দি যোৱা শোভাযাত্ৰাকাৰী দলটো গমিৰিৰ পৰা টেটোন চাৰিআলি হৈ পুনৰ বৰুৱাপথাৰলৈ উভতি যোৱাৰ কথা।
শোভাযাত্ৰাকাৰী দলটো গমিৰিত উপস্থিত হোৱাৰ লগে লগে গমিৰি গধৰীয়া বস্তিৰ দুই শিক্ষক পুত্ৰ ক্ৰমে উদয় আদিত্য গৌতম(বয়স:-১৮,পিতা: ৰাজু গৌতম) আৰু ৰজত দাহাল(বয়স:-২৮,পিতা:-সোম প্ৰসাদ দাহাল)এ হিন্দী চিনেমাৰ ভিলেইনৰ দৰে মটৰ চাইকেল লৈ দলটোক আগভেটি ধৰে।ইয়াৰ পাছত যুৱক দ্বয়ে অশ্লীল শব্দ প্ৰয়োগ কৰি জুবিন গাৰ্গ সম্পৰ্কত বহু আপত্তিজনক কথা কোৱাৰ লগতে শোভাযাত্ৰাকাৰী দলটোক উপলুঙা সূচক মন্তব্য কৰাৰ উপৰিও "জুবিন গাৰ্গ অসমৰ কোন হয়","জুবিন গাৰ্গক আমি চিনি নাপাওঁ" জাতীয় কেতবোৰ অপ্ৰাসংগিক কথা কয়।
শোভাযাত্ৰাকাৰী দলটোৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে টেটু গুৰিলৈকে মদ খাই মাতাল হৈ থকা উক্ত যুৱক দুজনে আনকি শোভাযাত্ৰাকাৰী দলটোক গমিৰিৰ পৰা আগবাঢ়ি নাযাবলৈ ভয় ভাবুকি দিয়ে। যুৱকদ্বয়ৰ আচৰণত অতিষ্ঠ হৈ শোভাযাত্ৰাকাৰী দলটোৱে তেওঁলোকক লপা থপা দিবলৈ বাধ্য হয়।
তেনেতে যুৱকদ্বয় সেই স্থানৰ পৰা পলাই পত্ৰং দিয়ে যদিও ৰজত দাহাল পুনৰ উভতি আহি আকৌ দলটোৰ আগত লম্ফ জম্ফ কৰি বিভিন্ন কথা কবলৈ আৰম্ভ কৰে।ফলত সেইসময়ত পৰিস্থিতি কিছু অবনতি ঘটে।
পৰবৰ্তী সময়ত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত হেলেম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৰজত দাহালক আটক কৰি থানালৈ লৈ অহাৰ পৰবৰ্তী সময়ত ৰজত দাহালৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা উদয় আদিত্য গৌতমকো আটক কৰি থানালৈ লৈ আহে।
জুবিন অনুৰাগীৰ আবেগ-অনুভূতিক লৈ খেলা কৰা শিক্ষক পুত্ৰ দুজনক হেলেম আৰক্ষীয়ে লক আপত ভৰোৱাৰ পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰি যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰে। এইক্ষেত্ৰত আজি উক্ত শোভাযাত্ৰাকাৰী দলটোৱে উক্ত দুই শিক্ষক পুত্ৰ দ্বয়ৰ বিৰুদ্ধে হেলেম আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬(১) আৰু ৬১(২) ধাৰা অনুসৰি ৬৮/২০২৫ নম্বৰত এটা জামিন বিহীন গোচৰ পঞ্জীয়ন কৰি উদয় আদিত্য গোতম আৰু ৰজত দাহালক আজি বিয়লি বিশ্বনাথ জে'ল হাজোতলৈ প্ৰেৰণ কৰে।
শিক্ষক পৰিয়ালত জন্মগ্ৰহণ কৰি শিক্ষক পৰিয়ালৰ আদৰ্শক কলংকিত কৰা উক্ত যুৱক দ্বয়ে ইয়াৰ পূৰ্বেও একাধিকবাৰ সমাজ বিৰোধী কাম কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে স্থানীয় ৰাইজে।সুৰাৰ ৰাগীত মতলীয়া হৈ বিভিন্ন সময়ত গমিৰি অঞ্চলৰ সুস্থ সামাজিক পৰিৱেশ বিষময় কৰি অহা শিক্ষক পৰিয়ালৰ উক্ত যুৱক দ্বয়ে উপযুক্ত শাস্তি পোৱাটো কামনা কৰিছে গমিৰি অঞ্চলৰ সচেতন ৰাইজে।