হাওৰাঘাটৰ বেলগুৰি গাঁৱত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ

হাওৰাঘাট অঞ্চলৰ বেলগুৰি গাঁৱত অমৰ জ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বুধবাৰে সংগীত জগতৰ উজ্বল নক্ষত্ৰ, অসয়ীয়া জাতিৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব, প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰা হয়।

author-image
Asomiya Pratidin
New Update
fefedfed

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ বেলগুৰি গাঁৱত অমৰ জ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বুধবাৰে সংগীত জগতৰ উজ্বল নক্ষত্ৰ, অসয়ীয়া জাতিৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব, প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰা হয়। কাৰ্যসূচী অনুসৰি দিনৰ ১১ বজাত মুখ্য প্ৰজ্বলক হিচাপে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই অমৰ জ্যোতি যুৱ সংঘৰ সভাপতি ৰাজেশ্বৰ পাঠকে। ইয়াৰ পিছতে মহান শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ অৰ্থে ১ মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। 

WhatsApp Image 2025-10-01 at 7.40.45 PM

এই অনুষ্ঠানত উপস্থিত থকা সকলোৱে একেলগে মায়াবিনী গীতটি পৰিবেশন কৰে। ইয়াৰ পিছতে হেমকান্ত মেধিয়ে ভাগৱত পাঠৰ শুভাৰম্ভ কৰাৰ পিছতে ক্ৰমে সীমান্ত বৰা, ৰতন কলিতা, যোগেন কলিতা, নিৰ্বাণ বৰা আৰু ঘনকান্ত বৰুৱায়ো ভাগৱত পাঠ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, বিশিষ্ট কবি ৰূপালী বসুমতাৰী, কাংকি-বেলগুৰি বৃহত্তৰ বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ চামছিং টেৰণ, চৰকাৰী গাওঁবুঢ়া ধ্ৰুৱ নাৰায়ণ মেধি আদি উপস্থিত থাকে। 

উল্লেখযোগ্য যে, যোৱা ১৯ ছেপ্টেম্বৰ দিনা অসম তথা সমগ্ৰ ভাৰতবৰ্ষকে কন্দুৱাই অকাল বিয়োগ হোৱা মানৱ দৰদী শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মৃত্যুৰ দিনৰে পৰা একেৰাহে ১৩ দিনলৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পী গৰাকীৰ স্মৃটিত ৫২ জোপা বৃক্ষ ৰোপণ কৰা হয়। শেষত গাঁৱৰ আই সকলৰ দ্বাৰা দিহানাম পৰিবেশনৰ অন্তত অনুষ্ঠান সামৰণি পৰে।

জুবিন গাৰ্গ জুবিন