/asomiyapratidin/media/media_files/2025/09/21/zubeen-2025-09-21-18-32-11.jpeg)
ডিজিটেল ডেস্কঃ কেবিনেট বৈঠকৰ পূৰ্বে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তৰ সংবাদ মেল। এই সংবাদ মেলতে জুবিন গাৰ্গৰ শেষকৃত্যৰ স্থানক লৈ চৰকাৰীভাৱে মন্তব্য কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
তেওঁ সংবাদ মেলত জনোৱা অনুসৰি অসম চৰকাৰে গুৱাহাটী আৰু যোৰহাটৰ বিভিন্ন স্থানত শেষকৃত্যৰ বাবে ভূমি পৰিদৰ্শন কৰি দুয়োটা স্থানতে সাম্ভাব্য স্থানক লৈ কিছু কাম কৰিছিল। সেই মতেই আজি গৰিমা গাৰ্গৰ সৈতে ৰণোজ পেগু, কেশৱ মহন্ত আৰু বিমল বৰাই সৰুসজাইতে জুবিনৰ শেষকৃত্যৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।
এই আলোচনাতে তেওঁলোকে যোৰহাটৰ ৰাইজেও যে জুবিনক তেওঁলোকৰ কাষত বিচাৰিছে সেই কথা অবগত কৰে। যোৰহাটৰ কেইবাটাও স্থানত ইয়াৰ বাবে সাম্ভাব্য ভূমি নিৰ্ধাৰণ কৰাৰ কথাও অৱগত কৰে। কৃষি বিশ্ববিদ্যালয়ে ভূমি দিব বিচৰাৰ কথা অৱগত কৰাৰ লগতে, জিলা প্ৰশাসনে মহবন্ধাতো ভূমিৰ সন্ধান কৰাৰ কথা অৱহত কৰে।
যোৰহাটবাসীৰ এই আবেগ, আগ্ৰহক সন্মান আৰু শ্ৰদ্ধাৰে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে, তেওঁলোকৰ পিতৃৰ ৮৫ বছৰ বয়স হৈছে আৰু তেওঁ যথেষ্ট অসুস্থ। এই মুহূৰ্তত তেওঁক যোৰহাটলৈ নিব পৰা অৱস্থাত নাই।
তেওঁ আৰু কয়, এই মুহূৰ্তত তেওঁলোক সকলো গুৱাহাটীত আছে। সেয়ে তেওঁৰ সমাধি গুৱাহাটীৰ আশেপাশে হ’লে পৰিয়ালৰ বাবে ভাল। মাহেকে পষেকে তেওঁৰ সমাধিলৈ গৈ থাকিব পাৰিম।
মন্ত্ৰী ডাঃ পেগুৱে সংবাদ মেলত কয়, চৰকাৰে সমাধিৰ স্থান নিৰ্ধাৰণ নকৰো। পৰিয়ালৰ মানুহে স্থান বাছনি কৰাৰ পাছত আমি চৰকাৰখনে সকলো সহায়, সহোযোগিতা আগবঢ়াম। সেই মতেই আমি কাম কৰিছো।
মুখ্যমন্ত্ৰীয়েও এই সন্দৰ্ভত যি স্থান নিৰ্ধাৰণৰ কথা কোৱা হৈছে তাত প্ৰস্তাৱিত ভূমি বুলি স্পষ্টকৈ লিখা আছে। সেয়ে সোণাপুৰৰ হাতীমূৰাৰ যিখিনি মাটি পৰিষ্কাৰ কৰিবলৈ দিয়া হৈছে সেই মাটিখিনি উপযোগী হ’বনে নাই তাক পৰীক্ষা কৰিবলৈহে পৰিষ্কাৰ কৰা হৈছে।
গৰিমা শইকীয়া গাৰ্গে আমাৰ প্ৰস্তাৱৰ পাছত যি কথা কৈছে সেই কথা আজিৰ কেবিনেট বৈঠকত আমি অৱগত কৰিম।