তেওঁ কোৱাৰ দৰেই শৰতৰ প্ৰভাতী পুৱাই তেওঁৰ কথাকেই ক'বঃ সম্পন্ন হ'ব মৰণোত্তৰ পৰীক্ষা...

পুৱতি নিশা ৩ বজাত জি এম চি এইছলৈ সৰুসজাইৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছে যদিও সৰুসজাইৰ বাহিৰত এতিয়াও অপেক্ষাৰত জুবিনৰ হাজাৰ হাজাৰ অনুৰাগী।

author-image
Asomiya Pratidin
New Update
zubeen 23

ডিজিটেল ডেস্কঃ পুৱতি নিশা ৩ বজাত জি এম চি এইছলৈ সৰুসজাইৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছে যদিও সৰুসজাইৰ বাহিৰত এতিয়াও অপেক্ষাৰত জুবিনৰ হাজাৰ হাজাৰ অনুৰাগী। জুবিনৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ মাৰ্ঘেৰিটা, বিমল বৰা আদিৰ উপস্থিতিত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু অন্যান্যৰ সৈতে আলোচনাত মিলিত হৈছে সৰুসজাইত। 

পুৱা ৭-৩০ বজাত বজাত জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। তাৰ বাবেই তেওঁক সৰুসজাইৰ পৰা জি এম চি এইছলৈ লৈ যোৱা হৈছে। পুৱা ৭-৩০ বজালৈ মাজত  যথেষ্ট সময় থকাৰ পূৰ্বেই জুবিন গাৰ্গৰ নশ্বৰ দেহ জি এম চি এইছত উপস্থিত হ’ব যদিও অৱশ্যে তেওঁৰ মৰণোত্তৰ পৰীক্ষা নিৰ্ধাৰিত ৭-৩০ বজাতেই সম্পন্ন হ’ব। 

অনুৰাগীৰ মৰম, শেষ শ্ৰদ্ধা জনোৱাৰ বাবে যি হেঁপাহ সেই হেঁপাহৰ মাজেৰে জুবিনক জি এম চি এইছলৈ লৈ যোৱাৰ ক্ষেত্ৰত হ’ব পৰা সাম্ভাব্য প্ৰত্যাহ্বানৰ বাবেই নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ তেওঁৰ নশ্বৰ দেহ জি এম চি এইছলৈ লৈ যোৱা হৈছে। ইয়াৰ পূৰ্বেই সমগ্ৰ পথত বেৰিকেড স্থাপনেৰে সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে। জি এম চি এইছত চিকিৎসালয়খনৰ চিকিৎসকৰ লগতে এইমছৰো চিকিৎসকৰ উপস্থিতিত সম্পন্ন হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। 

জুবিন গাৰ্গ