জুবিনৰ মৃত্যুৰ সঠিক তদন্তৰ দাবীৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল

নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ গৈ সাগৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ দাবীৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল হৈছে

author-image
Asomiya Pratidin
New Update
pil 25

ডিজিটেল ডেস্কঃ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ গৈ সাগৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ দাবীৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল হৈছে। ২৪ ছেপ্তেম্বৰত এগৰাকী অধিবক্তাই এই সন্দৰ্ভত ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বেঞ্চত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ পাছত অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই জ্যেষ্ঠ অধিবক্তা কমল নাৰায়ণ চৌধুৰীৰ নেতৃত্বত আন এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছে।

এই আবেদনখনৰ শুনানি উচ্চ ন্যায়ালয়ে অহা ১০ নৱেম্বৰত গ্ৰহণ কৰিব। আবেদনকাৰীয়ে গোচৰটোত মুঠ ৯ টা পক্ষক সামৰি লৈছে। সেই সমূহ হৈছে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়, বিদেশ পৰিক্ৰমা মন্ত্ৰণালয়, পৰ্যটন মন্ত্ৰণালয়, ড’নাৰ মন্ত্ৰণালয়, অসম ৰাজ্য, ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্ত, ট্ৰেণ্ড এমএমএছ প্ৰাইভেট লিমিটেড, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।

উল্লেখ্য যে, ২৪ ছেপ্তেম্বৰত দাখিল হোৱা অন্যখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি অহা ৮ অক্টোবৰত গ্ৰহণ কৰাৰ কথা। 

গুৱাহাটী উচ্চ ন্যায়ালয় জুবিন গাৰ্গ