''এগৰাকী শোকাকুল পত্নীক বিভিন্ন কটুক্তিৰে যিদৰে দুগুন আঘাত দিছে সেয়া দেখি মই বৰ ব্যথিত হৈছো''

শুভাকাঙ্খীৰ ভিৰ লাহে লাহে স্বাভাৱিকভাৱেই কমি আহিব। তাৰ পিছত? প্ৰতি মুহূৰ্তত জুবিনৰ অনুপস্থিতিয়ে গৰিমাক দগ্ধ কৰি থাকিব। প্ৰতি মুহূৰ্ত, প্ৰতিদিন… আহিবলগীয়া প্ৰতিটো মাহ-বছৰ।

author-image
Tushar Pratim
New Update
''এগৰাকী শোকাকুল পত্নীক বিভিন্ন কটুক্তিৰে যিদৰে দুগুন আঘাত দিছে সেয়া দেখি মই বৰ ব্যথিত হৈছো''

ডিজিটেল ডেস্কঃ ''শুভাকাঙ্খীৰ ভিৰ লাহে লাহে স্বাভাৱিকভাৱেই কমি আহিব। তাৰ পিছত? প্ৰতি মুহূৰ্তত জুবিনৰ অনুপস্থিতিয়ে গৰিমাক দগ্ধ কৰি থাকিব। প্ৰতি মুহূৰ্ত, প্ৰতিদিন… আহিবলগীয়া প্ৰতিটো মাহ-বছৰ। এগৰাকী পত্নীৰ এই বেদনাৰ সৈতে আমাৰ শোক সঁচাই জানো তুলনা কৰিব পাৰি?'' জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু, কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি সামাজিক মাধ্যমত লিখিছে এইদৰে। 

জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা বিভিন্ন কাৰকৰ বাবে একাংশই সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই আক্ৰমণৰ মাজতেই জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছৰে পৰা ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে যোগাযোগ ৰাখি তেওঁক স্বদেশলৈ ঘূৰাই অনাৰ সকলো প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ শেষকৃত্যৰ অনুষ্ঠানলৈকে সকলোবোৰ দিশ চোৱাচিতা কৰি থকা পবিত্ৰ মাৰ্ঘেৰিটাই এই কল্পনাটিত ব্যস্ততাৰ মাজতো সামাজিক মাধ্যমত জুবিন অনুৰাগী, তথা গৰিমা শইকীয়া গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি লোৱাসকলক উদ্দেশ্যি অতি বিনম্ৰতাৰে লিখিছে এক বিশেষ ফেচবুক পোষ্ট। 

এই পোষ্টতে তেওঁ লিখিছে ''এই কৰুণ সময়ত দুই-এগৰাকী জুবিনপ্ৰেমীয়ে এগৰাকী শোকাকুল পত্নীক বিভিন্ন কটুক্তিৰে যিদৰে দুগুন আঘাত দিছে সেয়া দেখি মই বৰ ব্যথিত হৈছো, থিক কৈশোৰৰ বন্ধু গ’ল্ডীক হেৰুৱাৰ দৰেই।''

তলত পবিত্ৰ মাৰ্ঘেৰিটাৰ সেই বিশেষ ফেচবুক পোষ্টৰ অসম্পাদিত ৰূপঃ

অস্। প্ৰাণৰ জুবিনলৈ কিযে এক সাগৰসম মৰম কৃতজ্ঞ অসমীয়াৰ! প্ৰতি অসমীয়াৰ প্ৰাণত চিৰঞ্জীৱ হৈ থাকিব জুবিন।
   

এই আশিস -মৰম গৰিমাৰ বাবেও প্ৰাৰ্থনা কৰিছোঁ।আমি বুকুত আজিৰ এই একেই দুখ লৈ লাহে লাহে দৈনন্দিন জীৱনত প্ৰৱেশ কৰিম। জুবিনৰ গানবোৰত তেওঁক বিচাৰি পাম। সমন্বিত হৈ তেওঁৰ সৃষ্টিক সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম।

আৰু গৰিমা? 

আজিৰ এই শুভাকাঙ্খীৰ ভিৰ লাহে লাহে স্বাভাৱিকভাৱেই কমি আহিব। তাৰ পিছত? প্ৰতি মুহূৰ্তত জুবিনৰ অনুপস্থিতিয়ে গৰিমাক দগ্ধ কৰি থাকিব। প্ৰতি মুহূৰ্ত, প্ৰতিদিন… আহিবলগীয়া প্ৰতিটো মাহ-বছৰ। এগৰাকী পত্নীৰ এই বেদনাৰ সৈতে আমাৰ শোক সঁচাই জানো তুলনা কৰিব পাৰি? 

গ’ল্ডী-গৰিমাৰ ২৮বছৰীয়া প্ৰেমৰ ময়ো এজন নিকট  সাক্ষী।মই দুয়োৰে সঁচা বন্ধু।সেয়ে দুয়োৰে পাৰস্পৰিক মৰমক মই জানো।

এই কৰুণ সময়ত দুই-এগৰাকী জুবিনপ্ৰেমীয়ে এগৰাকী শোকাকুল পত্নীক বিভিন্ন কটুক্তিৰে যিদৰে দুগুন আঘাত দিছে সেয়া দেখি মই বৰ ব্যথিত হৈছো, থিক কৈশোৰৰ বন্ধু গ’ল্ডীক হেৰুৱাৰ দৰেই।
অনুগ্ৰহ কৰি তাইক আশিস-মৰমেৰে শকতি দিয়ক।🙏🙏

জুবিন গাৰ্গ