/asomiyapratidin/media/media_files/2026/01/18/1-2026-01-18-08-02-59.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে জিলা সত্র ন্যায়াধীশৰ আদালতত সম্পন্ন হয় জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানি । ২২ জানুৱাৰীত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইপিনে গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে স্বামীৰ ন্যায়ৰ বাৰে আহ্বান জনাই আহিছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-07-51-30.jpeg)
পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে পোষ্ট। পোষ্টটোত লিখিছে, “কালি জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হোৱাৰ চাৰিমহীয়া তিথি পাৰ হ’ল আৰু শনিবাৰে আদালতত চতুৰ্থটো শুনানি সম্পন্ন হয়। জুবিন গাৰ্গৰ বাবেই সঁচাকৈ এই সকলোবোৰ ঘটি আছেনে ? মোৰ আৰু আমাৰ পৰিয়ালৰ দৰেই সমগ্ৰ অসমবাসীৰ বাবে এয়া এতিয়াও অবিশ্বাস্য ! সত্ৰ আদালতত ভণ্টি পামী আৰু মই উপস্থিত আছিলোঁ । শ্ৰীযুত জিয়াউল কামাৰকে প্ৰমুখ্য কৰি নতুন Public Prosecutor ৰ টীমটো প্ৰথমবাৰৰ বাবে আদালতত উপস্থিত হৈ কেচটোৰ যাৱতীয় দায়িত্ব গ্ৰহণ কৰে । অভিজ্ঞ অধিবক্তা সকলক দেখি মনলৈ অলপ আশা আহিছে যুঁজখন অন্ততঃ সবল হ’ব । কিন্তু, যোৱা ৩ তাৰিখে অমৃতপ্ৰভা মহন্ত , সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যৰ বেইল আবেদনৰ লগতে দেখা গ’ল নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও (মুঠতে ৫ জনে)বেইলৰ বাবে আবেদন জনাইছে । এইক্ষেত্ৰত সম্পূৰ্ণ কঠোৰ আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সময় আহি পৰিছে ।
/asomiyapratidin/media/post_attachments/c9d6f352-c3a.png)
অভিযুক্তই নিজৰ পক্ষৰ পৰা সকলো চেষ্টা অব্যাহত ৰাখিছে । গতিকে, আমি ন্যায়ালয় আৰু চৰকাৰৰ লগতে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছো, যাৱতীয় সকলো ধৰণেৰে এনেকুৱা কটকটীয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হওঁক যাতে মূল অভিযুক্ত কোনো এজনেও বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে কোনোপধ্যে বেইল নাপায়। জুবিন গাৰ্গে ন্যায় পাবই লাগিব । এই ন্যায় কেৱল জুবিন গাৰ্গ অথবা পৰিয়ালৰ বাবে নহয়.. এইয়া সমগ্ৰ অসমৰ বাবে ন্যায়, সমগ্ৰ ৰাজ্যবাসীৰ বাবে ন্যায় আৰু অসম চৰকাৰৰ বাবে হ'ব শ্ৰেষ্ঠতম ন্যায়িক বিজয় !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us