/asomiyapratidin/media/media_files/2025/09/21/new-ap-web-3-12-2025-09-21-09-57-14.jpg)
ডিজিটেল ডেস্কঃ আৰু কিছু সময় পাছতে কাহিলীপাৰাৰ ঘৰ পাবহি জুবিনৰ নশ্বৰদেহ। প্ৰায় এঘণ্টা সময় কাহিলীপাৰাৰ ঘৰত ৰখা হব জুবিনক। তাতেই পৰিয়ালে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব শিল্পীগৰাকীক।
বিমানবন্দৰৰ পৰা পুষ্পসজ্জিত এম্বুলেঞ্চত লখৰা হৈ অনা হৈছে তেওঁক। সমগ্ৰ পথচোৱাত গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় শিল্পীজনক জনাইছে শেষ বিদায়। তাৰ পাছতে জুবিনৰ নশ্বৰদেহ লৈ যাব সৰুসজাই লৈ। তাতেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। সাজু হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দল।
সৰুসজাইত জুবিনৰ নশ্বৰদেহ পৰীক্ষা কৰিব চিকিৎসকৰ দলটোৱে। সৰুসজাইত কিমান সময় ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জুবিনক ৰখোৱা হব সেইয়া নিৰূপণ কৰিব তেওঁৰ পাৰ্থিৱ দেহৰ অৱস্থাৰ ওপৰত। ইতিমধ্যে তিনিদিন হৈ গৈছে জুবিনৰ মৃত্যু হোৱাৰ। যদি নশ্বৰদেহটো ৰখাব পৰা অৱস্থাত থাকে তেনে সোমবাৰৰ দিনটো সৰুসজাইতে ৰখা হব জুবিনক। অন্যথা সোমবাৰৰ বিয়লি ভাগলৈ হ'ব তেওঁৰ শেষকৃত্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us