/asomiyapratidin/media/media_files/2025/09/19/16012d5a-2c9b-4824-a241-8ee8aed9db00-2025-09-19-19-26-52.jpg)
ডিজিটেল ডেস্কঃ সকলো দুখী! সেই সকলোতকৈ এজন বহু বেছি দুখী। দুখ সামৰিব জানে যদিও তেওঁ অস্থিৰ দুচকুত বৈ আছে চকুপানী। চশমাৰ ফাঁকেৰে বৈ অহা এয়া শোকৰ কাহিনী। হাতত থকা গামোচাখনে সামৰি থৈছে সেই দুখৰ নদী।
অসুস্থ মানুহজনে কবিতা লিখিছিল জীৱনত। হিচাপ কৰা নাছিল পোৱা, নোপোৱাৰ। আজি তেওঁ হিচাপ কৰিছে সময়ে কি দিলে, কি নিলে? সকলো তেওঁক দিয়ো চোন তেওঁৰ বাবে সময়ে একোকেই নথলে। লৈ গ’ল আদ বয়সতে ছোৱালীজনীক।
এটা দুৰ্ঘটনাই জংকীক লৈ যোৱাৰ পূৰ্বেই তেওঁক নিসংগ কৰি নেদেখাজনে কাঢ়ি নিছিল প্ৰিয় সংগী ইলি বৰঠাকুৰক। তাৰ পাছত জীৱনটো নতুনকৈ সজাবলৈ লওঁতেই এইবাৰ লৈ গ’ল একমাত্ৰ সন্তান জীৱন বৰঠাকুৰক। যাৰ প্ৰেৰণাত জীৱন হৈছিল জুবিন। তেওঁৰ পৰিচয় হৈ পৰিছিল কপিল ঠাকুৰৰ পৰা জুবিনৰ পিতৃ।
আজি তেওঁ অস্থিৰ, নিসংগ। ৰোগীয়া দেহ-মন লৈ নিৰ্বাক হৈ বহি আছে তেওঁ। ভিতৰি ভিতৰি কান্দিছে, হাহাকাৰ কৰিছে মন। জুবিন গাৰ্গ বিহীন পৃথিৱীখনত তেওঁ আটাইতকৈ শোকাহত মানুহ। ভৱা নাছিল জীৱন কালত আহিব এইটোও খবৰ...