/asomiyapratidin/media/media_files/2025/09/20/whatsapp-image-2025-09-20-08-03-41.jpeg)
ডিজিটেল ডেস্কঃ প্ৰিয় শিল্পীজন আৰু নাই... এই সত্য মানি লব পৰা নাই জুবিন গাৰ্গৰ অনুৰাগীয়ে। শুকুৰবাৰে ওৰে নিশা সাৰে থাকিল অসমীয়া। কি লতাশিল, কি গণেশগুৰি, কি কাহিলীপাৰা, সকলোতেই লোকাৰণ্য পৰিৱেশ। উদাস মন, সেমেকা দুচকু লৈ অনুৰাগীয়ে কেৱল গালে মায়াবিনী ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি।
সামাজিক মাধ্যমতো প'ষ্ট দিলে অনেকে। কোনো শুব পৰা নাই। জুবিন বিহীন এটা নিশাৰ কথা সপোনতো ভাবিব পৰা নাছিল অসমীয়াই। একেই অনুভৱ বাহিৰতত থকা অনুৰাগীৰো।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/20/whatsapp-image-2025-2025-09-20-08-39-37.jpeg)
ৰাজ্যৰ ভিন্ন প্ৰান্তত জুবিনক জনোৱা হল শ্ৰদ্ধাঞ্জলি। স্বতঃস্ফুতভাৱে ওলায় আহিল ৰাইজ। শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতেই একেই পৰিৱেশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us