/asomiyapratidin/media/media_files/2025/09/22/zubeen-bhupen-hazarika-22-2025-09-22-04-10-37.jpg)
ডিজিটেল ডেস্কঃ ১৪ বছৰ পূৰ্বে ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যুক আকোৱালি লৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। অসমীয়া জাতিৰ পৰিচয় ভূপেন হাজৰিকাৰ বিয়োগত ম্ৰিয়মান হৈ পৰিছিল অসম। সমগ্ৰ অসমতে উঠিছিল কান্দোনৰ লহৰ।
ভূপেন হাজৰিকাৰ মৃত্যুৰ ১৪ বছৰৰ পাছত সৌ সিদিনাৰ পৰা আৰম্ভ হৈছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। ভাৰত ৰত্নৰেও বিভূষিত হোৱা সুধাকণ্ঠৰ নামত মুকলি কৰা হৈছে এটা স্মাৰক মুদ্ৰা। লোৱা হৈছে বছৰযোৰা কাৰ্যসূচী। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচী উদ্বোধন কৰি ভূপেন হাজৰিকাক গভীৰভাৱে বিশ্লেষণ কৰিলেহি।
ভূপেন হাজৰিকাৰ এই শতবৰ্ষীয় অনুষ্ঠানৰ মাজতেই ১৯ ছেপ্তেম্বৰত অসমে হেৰুৱালে প্ৰিয় সন্তান জুবিন গাৰ্গক। জুবিন কোন, কি সেয়া আৰু এতিয়া নতুনকৈ কৈ থকাৰ প্ৰয়োজন নাই। জুবিনে কি কৰিছিল সেই বিষয়েও পাতনি মেলাৰ প্ৰয়োজন নাই।
জুবিন কোন, কি কৰিছিল তাৰ উত্তৰ সমগ্ৰ বিশ্বই শুনিলে, দেখিলে, উপলব্ধি কৰিলে। অনুৰাগীৰ মহাসাগৰৰ মাজত পুষ্পসজ্জিত বাহনত জুবিনৰ শেষ যাত্ৰাই সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰিছে। সকলো দেখি, শুনি আচৰিত হৈ পৰিছে স্বয়ং প্ৰধানমন্ত্ৰীও।
১৯ ছেপ্তেম্বৰত জুবিন নামৰ এজন গায়কৰ মৃত্যু হোৱা বুলি নিয়মমাফিক বাতৰি পৰিবেশন কৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেওবাৰৰ দৃশ্য দেখাৰ পাছত নতুনকৈ জুবিন সন্দৰ্ভত প্ৰতিবেদন প্ৰচাৰ কৰিবলৈ বাধ্য হৈছে। অধ্যয়ন কৰিছে জুবিনক। বাৰে বাৰে অনুসৰণ কৰিছে অসমৰ সংবাদ মাধ্যমক। বিদেশৰ সংবাদ মাধ্যমতো জুবিনক লৈ চলি আছে চৰ্চা।
অসমৰ শোকাহত জনতাৰ মাজৰ পৰা দাবী উত্থাপন হৈছে ভাৰত ৰত্নৰে বিভূষিত কৰা হওঁক জুবিনক। ৩০ বছৰীয়া সুৰীয়া যাত্ৰাত প্ৰায় ৪০ হাজাৰ গান গোৱাৰ উপৰিও, চিনেমা, সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ইতিমধ্যেই জুবিনে পদ্ম সন্মানেৰে সন্মানিত হ’ব লাগিছিল যদিও সেয়া নহ’ল।
বহুতেই মুকলিকৈ যোৱা কেইটামান বছৰত পদ্ম সন্মানেৰে জুবিনক সন্মানিত কৰাৰ মৃদু দাবী উত্থাপন কৰিছিল যদিও সেয়া হৈ নুঠিল। এতিয়া জুবিনৰ অবৰ্তমানত তেওঁক ভাৰত ৰত্ন দিয়াৰ দাবী উঠিছে।
পদ্ম সন্মানেই হওঁক বা ভাৰত ৰত্নই হওঁক সেয়া জুবিনে পোৱা, নোপোৱাৰ ওপৰত এতিয়া আৰু বিতৰ্কৰ প্ৰয়োজন নাই। সকলো বঁটা, সন্মানৰো উৰ্ধলৈ উঠিছে জুবিন। শেষ যাত্ৰাত অনুৰাগী, শুভাকাংক্ষীৰ যি মহাসাগৰৰ সৃষ্টি হৈছে সেই মহাসাগৰেই তাক প্ৰমাণ কৰিছে।
কিন্তু এই মুহূৰ্তত বহুতৰ মনলৈ আহিছে আন এক ডাঙৰ প্ৰশ্ন। জ্যোতি, বিষ্ণুৰ পাছত অসমীয়া সাংস্কৃতিক জগতখনক নেতৃত্ব দিছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। ২০১৪ ৰ ৫ নৱেম্বৰত তেওঁৰ মৃত্যুৰ লগে লগে প্ৰশ্ন উঠিছিল ভূপেন হাজৰিকাৰ অবৰ্তমানত কোনে নেতৃত্ব ল’ব অসমৰ সাংস্কৃতিক জগতখনক? কাৰ মুখলৈ বাট চাব শিল্প-কৰ্মৰে জড়িতসকলে?
এই প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগেই সকলোৰে দৃষ্টি পৰিছিল জুবিনৰ ওপৰত। বহু জ্যেষ্ঠ শিল্পীয়ে জুবিনৰ ওপৰতে বিশ্বাস ৰাখি জুবিনেই সেই দায়িত্ব ল’ব লাগিব বুলি উনুকিয়াই দিছিল। সেই বিশ্বাস ৰাখিলে জুবিনে। যোৱা ১৪ টা বছৰত শিল্পী সমাজক জুবিনেই নেতৃত্ব দি আহিছিল।
কোনো শিল্পীৰ বিপদৰ সময়ত, কোনো শিল্পীৰ প্ৰয়োজনৰ সময়ত জুবিন তেওঁলোকৰ কাষত থিয় দিছিল। জাতিৰ বাবে ৰাজপথলৈ ওলাই আহিছিল। কেতিয়াবা যদি বানপানীৰ সাহায্য বিচাৰি, কেতিয়াবা প্ৰতিবাদী শ্লোগান চিঞঁৰি। জাতিৰ সপক্ষে থিয় দি জুবিনে পালন কৰিছিল এজন শিল্পী হিচাপে নিজৰ দায়বদ্ধতা।
সেই জুবিনেও এতিয়া বিদায় ল’লে। সুধাকণ্ঠৰ অবৰ্তমানত সকলোকে সামৰি ৰখা জুবিনেও এই ধৰাৰ পৰা বিদায় লোৱাত এতিয়া কোনে নেতৃত্ব ল’ব অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক? এই প্ৰশ্নৰ উত্তৰ এতিয়া কাৰো হাতত নাই। কোনো এজন গায়ক, গায়িকা, অভিনেতা, অভিনেত্ৰীলৈ দৃষ্টি যোৱা নাই।
জুবিনৰ মৃত্যুৱে যি শূন্যতাৰ সৃষ্টি কৰিলে সেই শূন্যতা আৰু কোনেও পূৰণ কৰিব নোৱাৰে। তেওঁৰ অবৰ্তমানত সাংস্কৃতিক জগতখনক নেতৃত্ব দিব পৰাকৈ কোনো শক্তিশালী সাংস্কৃতিক কৰ্মী এই মুহূৰ্তত ৰাইজৰ দৃষ্টিত ধৰা পৰা নাই। জুবিনৰ মৃত্যুৱে এক দীঘলীয়া সময়ৰ বাবে যে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক নেতৃত্বহীন কৰি তুলিলে সেয়া নিশ্চিত।