ধনীয়াভেটিত বন্তি, ধূপ প্ৰজ্বলনেৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

হিয়াৰ আমঠু, আপোন শিল্পী জুবিন গাৰ্গৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি সন্ধিয়া বটদ্ৰৱাৰ সমীপবৰ্তী ধনীয়াভেটি দৈনিক বজাৰ চাৰিআলিত বৃহৎ জনসমাগমেৰে অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
DHONIABHETI 22

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ হিয়াৰ আমঠু, আপোন শিল্পী জুবিন গাৰ্গৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি সন্ধিয়া বটদ্ৰৱাৰ সমীপবৰ্তী ধনীয়াভেটি দৈনিক বজাৰ চাৰিআলিত বৃহৎ জনসমাগমেৰে অনুষ্ঠিত হয়। সম্পূৰ্ণ মুছলমান অধ্যুষিত অঞ্চলটোত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন, ধূপ প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ কৰি ভাষণ প্ৰদান কৰে বটদ্ৰৱা অঞ্চলৰ সমাজসেৱক ইন্দ্ৰমোহন বৰুৱাই। 

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ফুৰকান আলী, গুলজাৰ হুছেইন, আব্দুল মজিদ, মুকছিদুল ৰহমান, ছাদ্দাম হুছেইন, বটদ্ৰৱাৰ মণ্টু বৰা, লক্ষেশ্বৰ বৰাকে আদি কৰি সহস্ৰাধিক লোক। অনুষ্ঠানত ভাষণ প্ৰদান কৰে ধনীয়াভেটি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জেহিৰুল ইছলাম, বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ গিৰিশ বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে। 

অনুষ্ঠানত বটদ্ৰৱাৰ পৰা উপস্থিত থাকে। অনুষ্ঠানৰ শেষত দোৱা আৰু কেৰাত পাঠ কৰে আব্দুল হামিদ মৌলানাই।

জুবিন গাৰ্গ