প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰে ধেমাজিত একাধিক দল, সংগঠনৰ সমদল

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সমগ্ৰ ৰাজ্য স্তব্ধ হৈ পৰিছে। ৰাজ্যৰ সকলোতে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছে। ব্যতিক্ৰম নহয় ধেমাজিও।

author-image
Asomiya Pratidin
New Update
dhemaji 21

ডিজিটেল,সংবাদ ধেমাজিঃ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সমগ্ৰ ৰাজ্য স্তব্ধ হৈ পৰিছে। ৰাজ্যৰ সকলোতে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছে। ব্যতিক্ৰম নহয় ধেমাজিও। 

আজি ধেমাজিত একাংধিক সংগঠন, স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে এক সমদল বাহিৰ কৰা হয়। সন্ধিয়া বাহিৰ কৰা এই সমদল প্ৰথমে মৌন আছিল যদিও জুবিনৰ অনুৰাগীসকলৰ আৱেগ উঠলি উঠাত পৰৱৰ্তী সময়ত আৱেগৰ বশবৰ্তী হৈ তেওঁলোকে জুবিন গাৰ্গৰ জয় ধ্বনি দিয়া পৰিলক্ষিতও হয়। 

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি সদৰ আঞ্চলিক সমিতি,  ধেমাজি জিলা সমিতিৰ বিষয়ববীয়া, ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা, ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনাৰে বাহিৰ কৰা হয় এই সমদল। 

সমদলত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ধেমাজি ৰেট্ৰিক্স  স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালবৰ্গ, ধেমাজি এছ এফ এছ স্কুলকে ধৰি কেইবাখনো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়েও এই সমদলত অংশগ্ৰহণ কৰে। সমদলত অংশ লোৱা লোকসকলে হাতে হাতে মনবাতি লৈ মৌনতাৰে আৰম্ভ কৰা এই সমদলত পৰৱৰ্তী সময়ত জুবিন দা অমৰ হওক, জয় জুবিন দা আদি শ্লোগান দিয়ে। 

জুবিন গাৰ্গ