জুবিন বিহীন প্ৰথমটো দেৱালী...

আজি পোহৰৰ উৎসৱ দেৱালী। কিন্তু উৎসৱৰ বতৰতো ৰাজ্যবাসীৰ নাই পূৰ্বৰ দৰে উচাহ-উদ্দীপনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যেন স্থবিৰ হৈ গল অসম।

author-image
ৰিম্পী গগৈ
New Update
AP WEB zg (1)

ডিজিটেল ডেস্কঃ আজি পোহৰৰ উৎসৱ দেৱালী। কিন্তু উৎসৱৰ বতৰতো ৰাজ্যবাসীৰ নাই পূৰ্বৰ দৰে উচাহ-উদ্দীপনা। প্ৰাণৰ শিল্পী গাৰ্গৰ মৃত্যুৰ পাছত যেন স্থবিৰ হৈ গল অসম। জুবিন বিহীন প্ৰথমটো দেৱালীত নাই কোনো জাকজমকতা। কেতিয়াও নেদেখা এক পৰিৱেশ ৰাজ্যত। আজি কেৱল মাত্ৰ পৰম্পৰাহে ৰক্ষা কৰিছে ৰাজ্যবাসীয়ে।

প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই এতিয়া মূক, নিৰ্বাক, মৰ্মাহত ৰাজ্যবাসী। পূৰ্বৰ দৰে নাই আতচবাজীৰ শব্দ। সকলোৱে জুবিনে ভালপোৱাৰ ধৰণেৰে পালন কৰিছে সেউজ দীপাৱলী। ইয়াৰ প্ৰভাৱ পৰিছে আতচবাজীৰ বজাৰখনত। ব্যাপক লোকচানৰ সন্মুখীন হৈছে বৰপেটাৰ আতচবাজীৰ নিৰ্মাতাসকল। একেই পৰিৱেশ ফাচী বজাৰতো। ফাচী বজাৰত নাই পূৰ্বৰ দৰে সমাগম।

জুবিনহীনতাৰে ৰিক্ত ৰাজ্যখনত এইবাৰ যেন কেৱল নিয়মমাফিকভাৱেহে পালন হৈছে দেৱালী। শদিয়াৰ পৰা ধুবুৰীলৈ আজি একেই পৰিৱেশ। ঠায়ে ঠায়ে সোঁৱৰণ কৰিছে প্ৰাণৰ জুবিনক। গাইছে জুবিনৰ গীত- "পোহৰৰে চাকি গছি আমি, জ্বলামেই এদিন জ্বলাম। " জুবিনৰ ন্যায়ৰ আশাত বন্দী ৰাজ্যবাসীয়ে মনত পেলাইছে জুবিনক।

প্ৰতিজন অনুৰাগীক কন্দোৱাই কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল জুবিন। কেতিয়াও নভবা, কেতিয়াও মানি লব নোৱাৰা এক নিষ্ঠুৰ সত্যৰ সৈতে এতিয়া মুখামুখি হৈছে প্ৰতিজন অসমীয়া। জুবিনৰ সমাধিত আজিও ভিৰ কৰিছে হাজাৰ হাজাৰ অসমীয়াই...

জুবিন জুবিন গাৰ্গ