জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে ৰাষ্ট্ৰপতিলৈ পত্ৰ দেৱব্ৰত শইকীয়াৰ...

জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ চি বি আই  তদন্ত বিচাৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিলে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-25 at 10.33.25 AM

ডিজিটেল ডেস্কঃ জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ চি বি আই  তদন্ত বিচাৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিলে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্তৰ দাবী উত্থাপন কৰিছে। 

উল্লেখ্য যে, জুবিন গাৰ্গৰ ছিংগাৰপুৰত ১৯ ছেপ্তেম্বৰত মৃত্যুৰ কথা উল্লেখ কৰি তেওঁ জুবিন কেৱল এগৰাকী গায়কেই নাছিল বৰঞ্চ বিপ্লৱী কণ্ঠ আছিল বুলিও উল্লেখ কৰে। ২০১৭ চনৰ পৰা শিল্পী ২০১৯ ৰ কা আন্দোলনলৈকে চৰকাৰৰ বিৰুদ্ধে তেওঁ শিল্পী সমাজ, আছু, এ জে ৱাই ছি পি আদিৰ সৈতে মিলি প্ৰতিবাদ কৰাৰ কথাও উল্লেখ কৰি এই কথাও কয় জুবিনে কিদৰে ৰাজনীতিৰ বিৰুদ্ধে গৈ ‘পলিটিক্স নকৰিবা বন্ধু’ৰ দৰে গীত ৰচনা কৰিছিল। তাৰোপৰি ৰাজ্য চৰকাৰক প্ৰকৃতি ধ্বংসৰ বাবেও জুবিনে সমালোচনা কৰি অহাৰ কথাও উল্লেখ কৰিছে উক্ত পত্ৰত। 

তেওঁ কয়, যদিও অসম চৰকাৰে তেওঁৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি আই ডিৰ হাতত অৰ্পণ কৰিছে, এছ আই টি গঠন কৰিছে তথাপিও যিহেতু জুবিনৰ মৃত্যু ছিংগাপুৰত হৈছে সেয়া ৰাজ্য চৰকাৰৰ তদন্ত ব্যৱস্থাই যথাযথভাৱে তদন্ত ব্যৱস্থা আগবঢ়াব নোৱাৰিব।ৰাজ্যৰ আৰক্ষীৰ নিজস্ব অধিকাৰো সীমিত।

তেওঁ চি আই ডিৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰি কয়, ছিংগাপুৰত থকা ঘটনাৰ সাক্ষীসকলক স্বাধীনভাৱে প্ৰশ্ন কৰিব নোৱাৰিব। ছিংগাপুৰ চৰকাৰৰ অধীনত থকা চিকিৎসা নথিপত্ৰ আৰু প্ৰমাণো সংগ্ৰহ কৰিব নোৱাৰি। ভাৰতীয় আইনী প্ৰক্ৰিয়া বিদেশত প্ৰয়োগ কৰিব নোৱাৰে। সেয়েহে এই তদন্ত সম্পূৰ্ণৰূপে কূটনৈতিক মাধ্যমত নিৰ্ভৰশীল। এয়া ৰাজ্য চৰকাৰৰ ক্ষমতাৰ সীমাৰ বাহিৰত।

তেওঁ জুবিনে অংশ ল’বলৈ যোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই বহু পৰস্পৰবিৰোধী মন্তব্য কৰাৰ কথাও উল্লেখ কৰিছে। ছিংগাপুৰত তেওঁৰ কি পৰিস্থিতিত মৃত্যু হ’ল তাৰ সঠিক তদন্তৰ বাবে এজন বা দুজন অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ওপৰত তদন্তৰ নিয়ন্ত্ৰণ আৰু পৰ্যেবেক্ষণৰ দায়িত্ব অৰ্পণ কৰি তদন্তৰ দায়িত্ব চি বি আইৰ ওপৰত ন্যস্ত কৰাৰ পোষকতা কৰিছে। 

ৰাষ্ট্ৰপতিলৈ দেৱব্ৰত শইকীয়াই লিখা পত্ৰখনঃ

WhatsApp Image 2025-09-25 at 9.07.16 AM

WhatsApp Image 2025-09-25 at 9.07.15 AM

WhatsApp Image 2025-09-25 at 9.07.15 AM (1)

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু জুবিন গাৰ্গ দেৱব্ৰত শইকীয়া