বহু দিন বাকী! ২০৪৭চনতহে জুবিন গাৰ্গে ন্যায় পাব!

২০৪৭চনতহে জুবিন গাৰ্গে ন্যায় পাব! এই কথা আমি কোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াত অংশ লৈ এই এনে এক ইংগিতেই প্ৰদান কৰিলে অধিবক্তাই। জুবিন ৰ্গাগৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি প্ৰক্ৰিয়াত

author-image
Asomiya Pratidin
New Update
new ap web  1.jpg (1)

ডিজিটেল ডেস্কঃ  ২০৪৭চনতহে জুবিন গাৰ্গে ন্যায় পাব! এই কথা আমি কোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াত অংশ লৈ এই এনে এক ইংগিতেই প্ৰদান কৰিলে অধিবক্তাই। জুবিন ৰ্গাগৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি প্ৰক্ৰিয়াত অংশ  লৈ অধিবক্তা গৰাকীয়ে কয় যে, ফাষ্টট্ৰেক আদালত নহ'লে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ নিষ্পত্তি হ'বলৈ আৰু প্ৰায় ২০বছৰ সময় লাগিব। 

যদিহে অধিবক্তাগৰাকীৰ ভাষ্যই সত্য হয়, তেন্তে জুবিন গাৰ্গৰ সমগ্ৰ গোচৰ প্ৰক্ৰিয়া নিষ্পত্তি হ'বহৈ ২০৪৬চনতহে। এই লেহেমীয়া গতিৰ কথা জানিব পাৰিয়েই গৰিমা গাৰ্গেও জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ প্ৰধানমন্ত্ৰীকো চিঠি লিখিছে। ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত সবল প্ৰদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে। 

১৩ফেব্ৰুৱাৰী, ২০২৬ৰ শুনানি প্ৰক্ৰিয়াত অংশ লৈ অধিবক্তাগৰাকীয়ে কয় যে, এখন যদি ডেলিকেটেড কৰ্ট নাথাকে, তেন্তে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সমাপন হ'বলৈ আৰাম চে ২০বছৰ লাগিব। অসমবাসী ৰাইজে বহুযুগ ৰ'ব লাগিব। এনেকে নহ'ব। ইমানবোৰ সাক্ষী আছে মাতি মাতি গোচৰ নিষ্পত্তি কৰালৈ বহু সময়ৰ প্ৰয়োজন নিশ্চিতভাৱে লাগিব।

ইফালে ইতিমধ্যে জামিন আবেদন ঘূৰাই লৈছে শ্যামকানু আৰু সন্দীপনে। যোৱাটো শুনানিৰ সময়তে দুয়োগৰাকী অভিযুক্তৰ অধিবক্তাই উঠাই লৈছে জামিন আবেদন। 

জুবিন গাৰ্গ