সিদ্ধাৰ্থ, শ্যামকানুক ধৰিলেঃ কেতিয়া এছ আই টিৰ সন্মুখলৈ আহিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া?

জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰে দাখিল কৰা এজাহাৰত ছিংগাপুৰ য়টখনত থকা আটাইকে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 4

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম জড়িত হৈ পৰা শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে ১৯ ছেপ্তেম্বৰৰ পৰা ৬০ খনৰো অধিক এফ আই আৰ দাখিল হৈছে যদিও চি আই ডিয়ে যোৱা ১৩ দিনেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। 

আনকি সিদ্ধাৰ্থ শৰ্মাক ২০ ছেপ্তেম্বৰত দিল্লীত পায়ো এৰি দিছিল অসম আৰক্ষীয়ে। এই দুই মূল অভিযুক্তই এই সময়ছোৱাত সামাজিক মাধ্যমৰ জৰিয়তে আত্মপক্ষক সমৰ্থন কৰি বিভিন্ন পোষ্ট দিছিল। 

এনে পৰিস্থিতিত ৰাজ্যবাসীৰ বৰ্ধিত ক্ষোভৰ মাজতেই অসম আৰক্ষীৰ চি আই ডিয়ে দিল্লীৰ পৰা শ্যামকানু মহন্তক আৰু গুৰগাঁৱৰ পৰা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰে। কাকতালীয়ভাৱেই দুয়োজনকে একেলগে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগক লৈ বহুতেই ক’ব বিচাৰে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটৰ ওচৰত উপায়ন্তৰ হৈ ধৰা দিছে শ্যামকানু আৰু সিদ্ধাৰ্থই। 

অৱশ্যে আত্মসমৰ্পণ অথবা গ্ৰেপ্তাৰ যিয়েই নহওঁক কিয় শ্যামকানু আৰু সিদ্ধাৰ্থ এতিয়া ১৪ দিনৰ ন্যায়িক জিম্মাত। এই ১৪ দিন হ’ব জুবিনৰ হত্যাৰ গোচৰৰ তদন্তৰ বাবে অতি গুৰুত্বূপূৰ্ণ। 

লক্ষ্যণীয় বিষয়টো হ’ল এছ আই টিয়ে যিসকল ব্যক্তিৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল তেওঁলোকৰ আটাইকেইজন কিন্তু এতিয়াও চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই। চি আই ডিয়ে যোৱা ২৬ ছেপ্তেম্বৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি ছিংগাপুৰৰ ১১ গৰাকী প্ৰৱাসী অসমীয়ালৈ ১০ দিনৰ সময় নিৰ্ধাৰণ কৰি জাননী জাৰি কৰিছিল। 
  
অসম আৰক্ষীৰ চি আই ডিৰ স্পেচিয়েল ডি আই জি তথা আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাই এই তথ্য নিশ্চিত কৰি কৈছিল যে তলৱ কৰা সকলো ব্যক্তিক ৬ অক্টোবৰৰ ভিতৰত গুৱাহাটীৰ চি আই ডিৰ মুখ্য কাৰ্যালয়ত সোঁ-শৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত হাজিৰ নহ’লে তেওঁলোকৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰা হ’ব।

উল্লেখ্য যে, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গক ছিংগাপুৰৰ সাগৰলৈ যিখন য়টৰ জৰিয়তে লৈ যোৱা হৈছিল সেই য়টখনত আছিল ছিংগাপুৰ অসম এছ’চিয়েছনৰ বিষয়ববীয়া তথা সদস্য ক্ৰমে অভিমন্যু তালুকদাৰ, পৰীক্ষিত শৰ্মা, তন্ময় ফুকন, দেৱজিত হাজৰিকা, সিদ্ধাৰ্থ বৰা, ৰিপকমল শইকীয়া, ৱাজিদ আহমেদ আদি। 

তেওঁলোকৰ সৈতে আছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহ গায়িকা অমৃতপ্ৰভা মহন্ত, ভাতৃ সন্দীপন গাৰ্গ। চি আই ডিয়ে ছিংগাপুৰ আছাম এছ’চিয়েছনৰ এইসকল সদস্যলৈয়ো জাননী জাৰি কৰিছে যদিও তেওঁলোক কিন্তু এতিয়ালৈকে চি আই ডিৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হোৱা নাই। নিৰ্ধাৰিত ৬ তাৰিখলৈকে তেওঁলোকৰ হাতত সময় আছে যদিও কেতিয়া তেওঁলোক আহি পাবহি সেই বিষয়েও কোনো তথ্য নাই। আনকি জুবিনৰ মৃত্যুৰ পাছতো মৌন হৈ আছে এইসকল প্ৰবাসী অসমীয়া। 

মন কৰিবলগীয়া যে, জুবিনৰ মৃত্যুৰ পাছতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী সন্দিপন গাৰ্গকে ধৰি বহুতকে অভিযুক্ত কৰি ৰাজ্যত ৬০ খনৰো অধিক এজাহাৰ দাখিল হৈছে। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰে দাখিল কৰা এজাহাৰত ছিংগাপুৰ য়টখনত থকা আটাইকে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনোৱা হৈছে।

সেই মতেই ইতিমধ্যে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হৈছে শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত। তেওঁলোক আটাইকে ধাৰাবাহিকভাৱে কেইবাঘণ্টা ধৰি জেৰা চলাইছে। সমান্তৰালকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল’বলৈ যোৱা কেইবাজনো উদ্যোগী অসমীয়াকো বিশেষ তদন্তকাৰী গোটে মাতি নি সোধ-পোছ কৰিছে যদিও তেওঁলোকৰ নাম প্ৰকাশ কৰা নাই। 

এইদৰেই এইসকলক চি আই ডিয়ে সোধ-পোছ কৰিছে যদিও ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক কেতিয়া সোধ-পোছ কৰিব, তেওঁলোক কেতিয়া অসমলৈ আহিব চি আই ডিৰ সন্মুখত হাজিৰ হ’ব, নিৰ্ধাৰিত ৬ অক্টোবৰৰ ভিতৰত হাজিৰ নহ’লে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অৱশ্যে এতিয়ালৈকে স্পষ্ট হোৱা নাই। আশা কৰা হৈছে এই সন্দৰ্ভত শীঘ্ৰেই এছ আই টিয়ে ৰাজহুৱা মন্তব্য কৰিব। 

চি আই ডি জুবিন গাৰ্গ