/asomiyapratidin/media/media_files/2025/12/12/web-chargesheet-2025-12-12-10-49-15.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ অভিযোগনামা আজি এছ আই টিয়ে দাখিল কৰিব চি জে এম আদালতত। প্ৰায় ৩৫০০পৃষ্ঠা জোৰা এই অভিযোগনামা ৪টাকৈ বাকচত লৈ অহা হৈছে আদালতলৈ।
প্ৰাপ্ত তথ্য অনুসৰি এই ছাৰ্জশ্বিটত ভয়ংকৰ বহু তথ্য সন্নিনৱিষ্ট কৰা হৈছে। কাৰ ভুলৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হ'ল তাৰ পুংখানুপুংখভাৱে তথ্যসহ বিৱৰণ দিয়া হৈছে ছাৰ্জশ্বিটত। দোষী কোনো পধ্যেই যাতে সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে তদন্তকাৰী দলে।
দুই শতাধিক লোক সাক্ষ্য সন্নিৱিষ্ট কৰা হৈছে এই ছাৰ্জশ্বিটত। জেইলত বন্দী হৈ থকা অপৰাধীসকলৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ লগতে অন্যান্য কিছু দিশতো সাঙুৰি লোৱা হৈছে বুলি চৰ্চা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে অকাল মৃত্যুক সাবটি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে অসম চৰকাৰে গঠন কৰি দিছিল অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট। আই পি এছ বিষয়া মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছিল এছ আই টি।
এছ আই টিয়ে প্ৰায় তিনিমাহজোৰা তদন্তৰ অন্তত শুকুৰবাৰে আদালতত দাখিল কৰিব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বীট। বিগত তিনিমাহে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে ন্যায়ৰ দাবীত নিৰন্তৰ স্থিতি প্ৰকাশ কৰি আহিছে।
এই গোচৰত প্ৰায় ৩০০ লোকৰ সাক্ষ্য লোৱা হৈছে। চি আই ডি থানাত ৰুজু হোৱা ১৯/২৫ নম্বৰৰ দ্বিতীয় গোচৰটোৰ তদন্ত প্রক্রিয়া অব্যাহত আছে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা ১০ ডিচেম্বৰৰ পূৰ্বে চূড়ান্ত কৰাৰ বাবে তদন্তকাৰীসকলে দিনে নিশাই কাম কৰি থকা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ ডিএছপি সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহ-গায়িকা অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us