বিশ্বনাথৰ গোৰ্খা ৰাইজক দুৰ্গা পূজাত মনোৰঞ্জন ধৰ্মী অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আহ্বান গোৰ্খা সংগঠনৰ

বিশ্বনাথ জিলাৰ গোৰ্খা বহুল এলেকাৰ গোৰ্খা ৰাইজক আগন্তুক শাৰদীয় দুৰ্গাপূজাত মাংগলিক কৰ্মৰ বাহিৰে যিকোনো সাংস্কৃতিক আৰু মনোৰঞ্জন ধৰ্মী অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আহ্বান।

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ গোৰ্খা ৰাইজক দুৰ্গা পূজাত মনোৰঞ্জন ধৰ্মী অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আহ্বান গোৰ্খা সংগঠনৰ

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথ জিলাৰ গোৰ্খা বহুল এলেকাৰ গোৰ্খা ৰাইজক আগন্তুক শাৰদীয় দুৰ্গাপূজাত মাংগলিক কৰ্মৰ বাহিৰে যিকোনো সাংস্কৃতিক আৰু মনোৰঞ্জন ধৰ্মী অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাইছে বিশ্বনাথ জিলা সমিতিৰ আগছু, গোৰ্খা সন্মিলন, অসম নেপালী সাহিত্য সভা আৰু গহপুৰ জিলা গোৰ্খা সন্মিলনকে ধৰি কেইবাটাও গোৰ্খা জাতীয় সংগঠনৰ নেতৃত্বই।

অসম আৰু অসমীয়াৰ আজন্ম শিল্পী সদ্য প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে উক্ত জাতীয় সংগঠনৰ নেতৃত্বই। জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ সম্পন্ন নোহোৱা পৰ্যন্ত এই সিদ্ধান্ত বাহাল থাকিব বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে আগছুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সুনিল সুতাৰ, সাধাৰণ সম্পাদক প্ৰকাশ খনাল, বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সভাপতি লীলা তিমছিনা, সাধাৰণ সম্পাদিকা যমুনা শৰ্মা, বিশ্বনাথ জিলা গোৰ্খা সন্মিলনৰ সভাপতি হৰি প্ৰসাদ শৰ্মা, সাধাৰণ সম্পাদক হেমন্ত ভট্টৰাই আৰু গহপুৰ জিলা গোৰ্খা সন্মিলনৰ সভাপতি নোমল বাচকোটা আৰু সাধাৰণ সম্পাদক জয় দাহালে।

বিশ্বনাথ জুবিন গাৰ্গ