জালুকবাৰীত ভূপেন মামা, সোণাপুৰত সাৰে থাকিম মই....

সৰুসজাইত পাৰি থোৱা আছে পুষ্পসজ্জিত বিছনা। তাতেই হ'ব তেওঁৰ সৈতে শেষ দেখা। তাৰপাছত তেওঁৰ বাবে শেষ ঠিকনা বিচাৰি চলিছিল সন্ধান।

author-image
Asomiya Pratidin
New Update
new ap web  4 (5)

ডিজিটেল ডেস্কঃ অসমৰ দুই বৰেণ্য শিল্পী। এজন ভূপেন হাজৰিকা, আনজন নৱপ্ৰজন্মৰ হাৰ্টথৱ জুবিন গাৰ্গ। দুয়োজনেই সজাগ, সচেতন আছিল অসমীয়া জাতিক লৈ। গীতেৰে বিপ্লৱ ৰচনা কৰা প্ৰাণৰো প্ৰাণৰ শিল্পী দুয়ো। এজনৰ মহাপ্ৰস্থান ঘটিছিল ৫ নবেম্বৰ ২০১১ত। তেতিয়াও আবেগ বিহ্বল হৈ ৰাজপথলৈ ওলাই আহিছিল লাখ লাখ জনতা। লতাশিলত শোকৰ সাগৰত ডুব গৈছিল সুধাকণ্ঠক হেৰুৱাই ম্ৰিয়মান হৈ পৰিছিল মানুহ। জালুকবাৰীত সম্পন্ন হৈছিল শেষকৃত্য। নিৰ্মাণ হৈছিল তেওঁৰ সমাধিক্ষেত্ৰ। 

হঠাত আহিল ১৪ বছৰৰ  পাছত আন এক দুঃখৱৰ। ছিংগাপুৰৰ পৰা আহিছিল খবৰ ১৯ ছেপ্তেম্বৰ ২০২৫ত। জুবিন আৰু নাই! মানি ল'ব নোৱাৰা এই খবৰৰ পাছত ২১ ছেপ্তেম্বৰৰ দিনা কফিনত শুই ঘৰ পালেহি প্ৰিয় শিল্পীগৰাকী। এফালে বাট-পথ জনশূণ্য, আনফালে তেওঁৰ কাষত জনসমুদ্ৰ। আজি তেওঁ গীত গোৱা নাই, তেওঁৰ বাবে তেওঁৰেই গীত আওৰাইছে অনুৰাগীয়ে। 

সৰুসজাইত পাৰি থোৱা আছে পুষ্পসজ্জিত বিছনা। তাতেই হ'ব তেওঁৰ সৈতে শেষ দেখা। তাৰপাছত তেওঁৰ বাবে শেষ ঠিকনা বিচাৰি চলিছিল সন্ধান। কোনোৱে কৈছি্ল যোৰহাটলৈকে লৈ আহক তেওঁক। লুইতৰ পাৰত শুই থাকিব চিৰকাল। বিশেষ অসুবিধাৰ বাবে গুৱাহাটীতেই তেওঁক শেষ ঠিকনা দিয়াৰ সিদ্ধান্ত হ'ল। ৬টা স্থান চোৱা হৈছিল তেওঁৰ বাবে। ৪টা আছিল সোণাপুৰত, ২টা স্থান আছিল উত্তৰ গুৱাহাটীত। পৰিদৰ্শন কৰা হৈছিল সোণাপুৰৰ সেই ঠাইবোৰ। তাৰ ভিতৰত আছিল সোণাপুৰৰ নাজিৰাখাটৰ উত্তৰপূব জনজাতীয় সংগ্ৰাহালয় ভূমি, সোণাপুৰৰ বৰখাটৰ চৰকাৰী ভূমি, হাতীমূৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা চৰকাৰী ভূমি আদি। 

মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰাই চালে সেই ঠাইবোৰ। হাতীমূৰালৈ গ'ল সেই ঠাই চাবলৈ মন্ত্ৰী ৰণোজ পেগু। বেয়া নহ'ব বুলি ভাবিলে হাতীমূৰাৰ মাটিখিনি। হাতীমূৰাৰ কমাৰকুছি ৰাজহুৱা শ্মশানৰ চৌহদতে থকা বিশাল ভূমিতে হ'ব তেওঁৰ শেষকৃত্য আৰু সমাধি। আৰম্ভ হৈ গ'ল ইয়াৰ প্ৰস্তুতি। সৰুসজাইৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ অন্তত সেই স্থানত সজা চিতাত শুৱাই দিয়া হ'ব জুবিন গাৰ্গক। হয়তো হ'ব ভবিষ্যতে এইয়া আন এখন সংগীতৰ আশ্ৰম।

জুবিন গাৰ্গে ভূপেন হাজৰিকাক সম্বোধন কৰিছিল ভূপেন মামা বুলি। জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ পাছত জুবিন গাৰ্গ আছিল আমাৰ স্বাভিমান আৰু সাংস্কৃতিক প্ৰাণ। শেষ হ'ল এটা যুগৰ। থাকি গ'ল সোণালী অধ্যায়। আজি জুবিন গাৰ্গে ক'ব পৰা হ'লে সেই স্বভাৱসুলভ ভংগীমাৰে ক'লে হয়- চিন্তা নাই, অসম-অসমীয়াৰ একো নহয়,  জালুকবাৰীত আছে ভূপেন মামা, সোণাপুৰত থাকিম মই...

ড০ ভূপেন হাজৰিকা জুবিন গাৰ্গ