সৰগত বহিছে সভা, ভূপেন দাই জ্যোতি-বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা...

এটা লেখা বিয়পি পৰিছে সামাজিক মাধ্যমত। মূল লেখক কোন সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। তথাপিও সকলোকে আৱেগিক কৰি তোলা সেই ভাইৰেল হোৱা সেই লেখাটোকে তলত দিছো হুবহু- 

author-image
Tushar Pratim
New Update
সৰগত বহিছে সভা, ভূপেন দাই জ্যোতি-বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা...

ডিজিটেল ডেস্কঃ এটা লেখা বিয়পি পৰিছে সামাজিক মাধ্যমত। সুমন্ত মাধৱ বৰাৰ নামত শ্বেয়াৰ হোৱা এই লেখা ভাইৰেল হৈ পৰিছে। সকলোকে আৱেগিক কৰি তোলা সেই ভাইৰেল হোৱা লেখাটোকে তুলি দিছো দিছো হুবহু- 

আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতি প্রসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অর্চনা মহন্তও আছে বহি নিৰলে।

দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, যদিও সভা সংগীজ্ঞৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে। ভিতালীবা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ। অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্রীও।

ভগ্নী জংকীৰ চকু আজি চলচলীয়া! এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব! আছে আন বহুতো। এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াই।

মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি-বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? জ্যোতি-বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা।

সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতি প্ৰসাদৰ? কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণুৰাভাই একপ্ৰকাৰৰ কাঢ়া নির্দেশেই দিলে জুবিনদাক। "আজি সভাত বেলেগ গীত নহ'ব, কেৱল মায়াবিনী চলিব"। সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন। কেৱল মায়াবিনি ।।

জুবিন গাৰ্গ