অসমৰ দৰেই বেংগলত জুবিনে এৰি গৈছে এখন সাম্ৰাজ্যঃ জুবিনৰ অন্তিম গীত মিক্সিং কৰিলে জীত বেনাৰ্জীয়ে...

মুম্বাইৰ ষ্টুডিঅ’ত বহি তেতিয়া তেওঁ এটা গানৰ মিক্সিঙৰ কাম কৰি আছে। সেই সময়তে তেওঁ লাভ কৰিলে সেই খবৰ। প্ৰিয় বন্ধু জুবিন গাৰ্গ আৰু নাই। কিছু সময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিল তেওঁ।

author-image
Tushar Pratim
New Update
WhatsApp Image 2025-09-20 at 10.56.15

ডিজিটেল ডেস্কঃ মুম্বাইৰ ষ্টুডিঅ’ত বহি তেতিয়া তেওঁ এটা গানৰ মিক্সিঙৰ কাম কৰি আছে। সেই সময়তে তেওঁ লাভ কৰিলে সেই খবৰ। প্ৰিয় বন্ধু জুবিন গাৰ্গ আৰু নাই। কিছু সময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিল তেওঁ। কাণত তেতিয়াও তেওঁৰ বাজি আছে জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা তেওঁৰ এটা নতুন গান। যিটো গানৰ মিক্সিঙৰ কাম তেওঁ কৰি আছিল।

পশ্চিম বংগৰে নহয়, দেশৰে এগৰাকী প্ৰসিদ্ধ সংগীত পৰিচালক জীত বেনাৰ্জীৰ জুবিন গাৰ্গৰ সৈতে আছিল ৩০ বছৰৰ সম্পৰ্ক। এই জীত বেনাৰ্জীয়েই মুম্বাইৰ ষ্টুডিঅ’ত বহি সম্ভৱতঃ জুবিনৰ অন্তিম বাংলা ভাষাৰ গানটোৰ কাম প্ৰায় শেষ কৰিলে। তাৰ পাছত এতিয়া কেৱল সেই সকলোবোৰ জীতৰ বাবে হৈ ৰ’ল স্মৃতি।
অসমত অনামিকা, মায়াৰ দৰেই বেংগলত অতি জনপ্ৰিয় জুবিনে বাংলা ভাষাত গোৱা গানবোৰ। জীত বেনাৰ্জীৰ দৰে সংগীত পৰিচালকে বেংগলৰ গায়কে শব্দৰ শুদ্ধ উচ্চাৰণ নকৰিলেই কয়, যোৱা অসমলৈ গৈ জুবিনৰ পৰা শিকি অহা কিদৰে শব্দৰ উচ্চাৰণ কৰিব লাগে। 

শব্দ উচ্চাৰণৰ ক্ষেত্ৰত জুবিন আছিল অতি সংবেদনশীল। সেয়া অসমীয়া ভাষাই হওঁক, বা বঙালী ভাষাই হওঁক বা আন যিকোন ভাষাই হওঁক। অসমৰ দৰেই বেংগলত জুবিনৰ এখন সাম্ৰাজ্য আছে। জুবিনৰ আছে কোটি কোটি অনুৰাগী। তেওঁলোকে জুবিনৰ কণ্ঠতহে ভাল পায় গান। 

নাচিকেতা জুবিনৰ অন্যতম প্ৰিয় বন্ধু। বেংগল, মুম্বাই, অসমত জুবিন-নাচিকেতাই পাৰ কৰিছে বহু মধুৰ সময়। ‘বাউল গীত’ ভাল পাইছিল জুবিনে। বাউল শিল্পীৰ সৈতে তুলনা কৰি কেতিয়াবা নিজকে ‘বাউল’ বুলিয়েই কৈছিল জুবিনে। আৰু বেংগলৰ বাউল শিল্পীয়ে তেজপুৰৰ কলাগুৰু ফেষ্টিভেলত জুবিনৰ প্ৰসংগত ৰাজহুৱাকৈ কৈছিল- জুবিন দা আমাতকৈ বেছি বাউল। তেওঁলোকে জুবিনক আখ্যা দিছিল ‘খেপা বাউল’ হিচাপে। বাউল মানে পাগল, উন্মত্ত, উদাসীন বা বৈৰাগী। খেপা বাউল মানে তাতকৈ উৰ্ধত। 

সঁচাকৈয়ে বাউল আছিল জুবিন। জুবিনৰ জীৱন, তেওঁৰ কাম-কাজে সেই কথাকেই সোঁৱৰাই। জুবিন উন্মত্ত, জুবিন উদাসীন। গান, চিনেমাৰ বাবে পাগল জুবিন। খেপা বাউল জুবিনৰ মৃত্যুৰ পাছতে সংবাদ মাধ্যমৰ আগত উচুপি উঠা জীত বেনাৰ্জীয়ে সোঁৱৰিছে ৩০ বছৰীয়া সম্পৰ্কক। 

‘প্ৰেমি’ ছবিৰ জৰিয়তে জুবিন-জীতৰ যুটী হীট হৈছিল। এই ছবিখনৰ পাছৰ পৰা দুয়োৱে বেংগলত বহু হীট সংগীত উপহাৰ দিছে। ‘চিৰদিনই তুমি যে আমাৰ’, ‘বোঝেনা সে বোঝেনা’, ‘পৰাণ যায় জ্বলিয়া’ কে ধৰি তালিকাখন যথেষ্ট দীঘল। 

জীতৰ শেহতীয়া ছবিখনৰ শেষৰটো বাংলা গীত গাইছিল জুবিনে। এই ছবিখনৰ নাম ‘সে তো আজও ব’জেনা’। মুক্তিৰ অপেক্ষাত থকা চোহম চক্ৰৱৰ্তী অভিনীত এই ছবিখনক জুবিনৰ গানে কৰি তুলিছে অনন্য। জীত বেনাৰ্জীৰ ভাষ্যতে সেই কথা স্পষ্ট হৈছে। 

এই ছবিখনৰ জুবিনৰ গান মিক্সিং কৰি থকাৰ সময়তে জীত বেনাৰ্জীয়ে পালে জুবিনৰ মৃত্যুৰ খবৰ। তাৰ পাছতেই তেওঁ বিশ্বাস কৰিব পৰা নাই প্ৰিয় বন্ধুক হেৰুওৱাৰ খবৰ। তেওঁ মানি ল’ব বিচৰা নাই তেওঁৰ চিনেমাত আৰু নাগাব জুবিনে গান। 

জীতৰ দৰেই বংগৰ প্ৰতিগৰাকী সংগীতৰ সৈতে জড়িত, সংগীত ভাল পোৱা মানুহ আজি ম্ৰিয়মান। তেওঁলোকেও যে এজন নিজৰ মানুহ হেৰুৱালে সেই কথা মুকলিকৈ প্ৰকাশ কৰিছে। অসমৰ দৰেই বংগতো আছিল জুবিনৰ আদাৰ। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও জুবিনলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। 

জুবিন গাৰ্গ