আপোন ঘৰখনত জুবিনঃ অন্তিমবাৰৰ বাবে পুত্ৰক স্নেহ পৰশ পিতৃৰ!

বাসগৃহত পিতৃৰ সৈতে কিছু সময় পাৰ কৰিব তেওঁ। পুত্ৰক শেষবাৰৰ বাবে স্নেহ পৰশ দিলে পিতৃয়ে। পত্নীকো দি যাব শেষ সময়কণ। পৰিয়ালে সংগ্ৰহ কৰিলে জুবিনৰ ভৰিৰ চাপ।

author-image
Asomiya Pratidin
New Update
new ap web 9 (1)

ডিজিটেল ডেস্কঃ কাহিলিপাৰাৰ বাসগৃহত হিয়াৰ আমঠু জুবিনৰ নশ্বৰ দেহ। ফুলেৰে সজাই আপোন ঘৰখনলৈ লৈ অনা হ'ল জুবিনৰ পাৰ্থিৱ শৰীৰ। ১৯ ছেপ্তেম্বৰৰ পৰা জুবিনক এবাৰ চাবলৈ ৰৈ আছিল প্ৰতিগৰাকী কুটুম। অৱশেষত প্ৰাণৰ জুবিনক শেষ শ্ৰদ্ধা জনালে পৰিয়ালৰ প্ৰতিজনে।

পিতৃ কপিল বৰঠাকুৰ, পত্নী গৰিমা তথা ভগ্নীৰ লগতে প্ৰতিজন আত্মীয়ই শেষবাৰৰ চাইছে জুবিনক। বাসগৃহত পিতৃৰ সৈতে কিছু সময় পাৰ কৰিব তেওঁ। পুত্ৰক শেষবাৰৰ বাবে স্নেহ পৰশ দিলে পিতৃয়ে। পত্নীকো দিলে শেষ সময়কণ। পৰিয়ালে সংগ্ৰহ কৰিলে জুবিনৰ ভৰিৰ চাপ।

আনহাতে, এতিয়াও বাসগৃহৰ বাহিৰতে অধীৰ আগ্ৰহেৰে বাট চাইছে গুণমুদ্ধই। শুকুৰবাৰে অগণন গুণমুগ্ধক কন্দুৱাই  এই সংসাৰৰ পৰা চিৰ বিদায় মাগিছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিনে ৷অসম আৰু অসমীয়াক মৰি মুজি ভালপোৱা জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল’লে সুদূৰ ছিংগাপুৰত ৷ এনে এটা খবৰৰ বাবে হয়তো কোনো অসমীয়াই কেতিয়াও অপেক্ষা কৰা নাছিল ৷ 

জুবিন গাৰ্গ গৰিমা গাৰ্গ গৰিমা শইকীয়া গাৰ্গ