/asomiyapratidin/media/media_files/2025/09/26/fvdfgdfd-2025-09-26-22-15-56.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ পৰ্যন্ত অসমত উদ্দাম নৃত্য গীত আদি অনুষ্ঠান আয়োজনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ চৰকাৰক দাবী জনাইছে অসম সেনাই। লগতে আয়োজকক অনুষ্ঠান বাতিল কৰিবলৈও কঠোৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।
এই সন্দৰ্ভত অসম সেনাৰ কেন্দ্ৰীয় আহ্বায়ক ৰাজনীশ শইকীয়া,সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথকে ধৰি ছাত্ৰসন্থাৰ কেইবাগৰাকীও বিষয়ববীয়াই অসম সেনাৰ তৰফৰ পৰা জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ জৰিয়তে অসম চৰকাৰলৈ এখম স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ নেতাৰ লগতে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই অসম সেনাৰ এই পদক্ষেপ পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক ৰাজনীশ শইকীয়াই স্মাৰক পত্ৰযোগে চৰকাৰলৈ স্মাৰক পত্ৰ যোগে জনোৱা দাবী অনুসৰি, শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ অসমৰ জনসাধাৰণ গভীৰ শোকত ভাগি পৰিছে আৰু প্ৰত্যেকেই নিজৰ নিজৰ পৰিয়ালৰ সদস্য হেৰুওৱাৰ দৰে অনুভৱ কৰিছে। এনে প্ৰেক্ষাপটত অসমৰ লগতে শোণিতপুৰতো বৰ্তমান সময়ত একাংশ বাৰ, সাংস্কৃতিক অনুষ্ঠান, মিনা বজাৰ, আনন্দ মেলা, ডি জে নাইটৰ দৰে উদ্দাম নৃত্য গীতৰ আয়ো বিজতৰীয়া অনুষ্ঠান আয়োজনত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অসম চৰকাৰলৈ দাবী জনাইছে।
লগতে এনে ধৰনৰ অনুষ্ঠানৰ আয়োজক সকললৈ অসম সেনাই এই শোকৰ পৰিবেশৰ প্ৰতি সংবেদনশীল হৈ এনে অনুষ্ঠান বাতিল কৰিবলৈ স্পষ্টভাৱে সকীয়নি প্ৰদান কৰিছে। লগতে চৰকাৰক এই বিষয়ত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে সংগঠনটোৱে। অন্যথা এনে অনুষ্ঠান বাতিল কৰিবলৈ অসম সেনাই ৰাইজৰ সহযোগত অনুষ্ঠান বন্ধ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে।