জুবিন গাৰ্গলৈ অসম সত্ৰ মহাসভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

১৯ ছেপ্টেম্বৰত এক ৰহস্যজনক অৱস্থাত অকালতে মৃত্যু বৰণ কৰা অসমৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সত্ৰ মহাসভাই।

author-image
Asomiya Pratidin
New Update
cxcxcxcxc

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১৯ ছেপ্টেম্বৰত এক ৰহস্যজনক অৱস্থাত অকালতে মৃত্যু বৰণ কৰা অসমৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সত্ৰ মহাসভাই। শনিবাৰে সত্ৰ মহাসভাৰ এটা প্ৰতিনিধি দল শিল্পীগৰাকীৰ গুৱাহাটীৰ কাহিলীপাৰৰ বাসভৱনত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালক সমবেদনা জনায়। 

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত আৰু উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক সাক্ষাৎ কৰি অসম সত্ৰ মহাসভা তেওঁৰ পৰিয়ালৰ সকলো সময়তেই সাহসৰ প্ৰেৰণা ৰূপে থাকিব বুলি ঘোষণা কৰে।

অসম সত্ৰ মহাসভাই লগতে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত সম্পৰ্কত সামাজিক মাধ্যম যোগে ঘোষণা কৰা শক্তিশালী পদক্ষেপৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি অসমৰ ৰাইজক অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত যাতে কোনো চক্ৰই বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে সজাগ আৰু সতৰ্ক  দৃষ্টি ৰাখিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে।

জুবিন গাৰ্গ জুবিন