/asomiyapratidin/media/media_files/2025/09/21/zg-absu-21-2025-09-21-21-44-06.jpg)
ডিজিটেল সংবাদ ওদালগুৰিঃ আকস্মিকভাৱে আমাৰ মাজৰ পৰা বিদায়ী লোৱা মৰমৰ শিল্পী জুবিন গাৰ্গলৈ আজি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। এই উপলক্ষে সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যালয়ত জুবিনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে।
ইয়াৰ পিছত কাৰ্যসূচীত উপস্থিত সংগঠনটোৰ নেতা-কৰ্মীৰ সন্মুখত জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য কৰি আৱেগিক হৈ পৰে সভাপতি বড়ো। ইয়াৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি সভাপতি দ্বিপেন বড়োৱে কয়, আমাৰ আটাইৰে মৰমৰ হিয়াৰ আমঠু জুবিন দা।
আজি দিনৰ ১২ বজাত এবছুৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিক আৰু শাখা কাৰ্যালয়ত দিনৰ ভাগত জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। সন্ধিয়া তেখেতলৈ সন্মান জনাই তেখেতৰ বয়স অনুসৰি ৫২ গচি বন্তি প্ৰজ্বলন কৰিছো।
আজি জুবিনৰ নশ্বৰদেহ আহি বাসভূমিত উপস্থিত হৈছে। আমাৰ কথা কোৱাৰ কোনো ভাষা নাই। মাত্ৰ সকলোৰে মনত এটাই প্ৰশ্ন যে জুবিন গাৰ্গে কিয় ইমান সোনকালে আমাৰ মাজৰ পৰা আকস্মিকভাৱে আতৰি গ'ল?
সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ মাজত তেখেতৰ সমাদৰ আছিল। অসমখন, সমগ্ৰ জাতি জনগোষ্ঠীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠ ভূমিকা লৈছিল। যুৱপ্ৰজন্মৰ মাজত জুবিন আছিল আদৰ্শ শিল্পী।
তেখেতৰ প্ৰতিটো গানতেই অৰ্থ লুকাই আছিল। সামাজিকৰ পৰা অৰ্থনীতি, ক্ৰীড়াৰ পৰা সাহিত্য সকলো দিশ সামৰি তেখেতৰ গান প্ৰস্তুত হৈছিল। তেখেতৰ গানৰ মাজেৰে মূল্যবোধক আগুৱাই নিয়াৰ প্ৰেৰণা লাভ কৰো।
মাইকেল জেকচনৰ দৰে জুবিন দাই আকস্মিকভাৱে নোহোৱা হৈ যোৱাটো সমগ্ৰ বিশ্ববাসীৰ বাবে ক্ষতি। সেই ক্ষতি পূৰণৰ ক্ষেত্ৰত আমি এটা বিশাল শূণ্যতা দেখিবলৈ পাওঁ। সত্যক আমি মানি লবই লাগিব আৰু আমি সত্যক মানি লৈছো যে জুবিন গাৰ্গ আজি আমাৰ মাজত নাই।
জুবিন গাৰ্গৰ সৃষ্টিৰাজি সদায় অমৰ হৈ থাকিব। আমাৰ প্ৰতিগৰাকীৰ মনতে জুবিন গাৰ্গ জীয়াই থাকিব আৰু জিয়াই ৰখাটো আমাৰ কৰ্তব্য। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো। তেখেতৰ আধৰুৱা কামক আমি সকলোৱে মিলি আগুৱাই নিব লাগিব।
এইক্ষেত্ৰত ৰাজ্য চৰকাৰে দ্বায়বদ্ধতাৰে কাম কৰিব বুলি মই আশাবাদী। তামুলপুৰত শিক্ষাগ্ৰহণৰ পৰা আৰম্ভ কৰি জীৱনৰ আধা সময় জুবিনে বড়োলেণ্ড অঞ্চলত পাৰ কৰিছিল। সেয়েহে জুবিন গাৰ্গ সদায় আমাৰ মাজত অমৰ হৈ ৰব।
আজিৰ এই কাৰ্যসূচীত জিলা এবছু নেতা কৰ্ণেলিয়াছ দৈমাৰীকে ধৰি বিভিন্ন জিলা আৰু আঞ্চলিক এবছুৰ নেতৃত্ব উপস্থিত থাকে।