/asomiyapratidin/media/media_files/2025/09/21/new-ap-web-6-12-2025-09-21-11-51-24.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা অসম পালেহি আপোন শিল্পী জুবিন গাৰ্গ। কলা কফিনত নিথৰ দেহ হৈ শেষবাৰৰ বাবে অসমলৈ উভতি আহিল জুবিন। প্ৰিয় শিল্পীজনক এবাৰ চোৱাৰ হেপাহেঁৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী অভিমুখী হৈছে লাখ লাখ অনুৰাগী।
ইফালে,শনিবাৰৰ পৰাই সৰুসজাইত জুবিনলৈ বাট চাই আছে অনুৰাগীয়ে। একেই পৰিৱেশ আছিল গুৱাহাটী বিমান বন্দৰত। জুবিন নথকাৰ খবৰ পাই দুটা নিশা উজাগৰে কটাইছে অসমৰ ৰাইজে। পাহৰিছে ভোক-পিয়াহ।
জুবিনৰ বৰঝাৰৰ পৰা কাহিলীপাৰা অভিমূখী যাত্ৰাটো লগ দিছে ৰাইজে। একেলগে গাইছে জুবিনৰ মায়াবিনি। জুবিন গাৰ্গৰ নশ্বহদেহ অহাৰ পূৰ্বৰে পৰা গুৱাহাটী মহানগৰীৰ দোকান- পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰিছে। সকলো মানি লব পৰা নাই এই নিদাৰুণ সত্য।
আনহাতে, দেওবাৰে ক্ৰমাত বাঢ়ি আহিছে গৰম। সময় পাৰ হৈ যোৱাৰ লগে লগে দীঘল হৈ আহিছে জুবিনৰ মিছিল। ভিন্ন প্ৰান্তৰ পৰা আহি ৰাইজে যোগ দিছে শেষযাত্ৰাত।
প্ৰিয় শিল্পীৰ এই অকাল বিয়োগক মানি লব পৰা নাই অনুৰাগীয়ে। জুবিন অসম আহি পোৱাৰ পাছতে অসুস্থ হৈ পৰিছে অনেকজন। ৰাজপথতে মূৰ্চ্ছা গৈছে কেইবাজনো লোক। আনহাতে হাস্পতালতো ভৰ্তি কৰোৱা হৈছে কেইবাজনো অনুৰাগীক। ইফালে এই পৰ্যন্ত ৩ জন লোকে কৰিছে আত্মহত্যা।