/asomiyapratidin/media/media_files/2025/09/24/web-ap-2-1-2025-09-24-09-47-08.jpg)
ডিজিটেল ডেস্কঃ নিশা জুবিনৰ সমাধিৰ কাষত বহি থাকিল অনুৰাগী। সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ জ্বলি যোৱা চিতাৰ কাষত নিশা অনুৰাগীয়ে গালে মায়াবিনী। ভাহি আহিল জয় জুবিন দা ধ্বনি। কোনেও বিদায় দিব পৰা নাই প্ৰাণাধিক ভালপোৱা শিল্পী জুবিন গাৰ্গক।
বুধাবাৰে পুৱাও কমাৰকুছিলৈ আহিল বহুলোক। চিতাৰ কাষত তেওঁৰ সান্নিধ্য বিচাৰি আজিও অপেক্ষাৰত বহু অনুৰাগী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এতিয়াও অব্যাহত আছে জনস্ৰোত। আটায়ে সোঁৱৰণ কৰিলে প্ৰাণৰ শিল্পীগৰাকীক। জুবিনৰ শেষ নিদ্ৰা দেখি উচুপি উঠিল অজস্ৰ অনুৰাগী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/cap-2025-09-24-10-14-20.jpg)
আনহাতে, বিয়লিলৈ সোণাপুৰৰ কমাৰকুছিত আৰু অধিক লোকে ভিৰ কৰাৰ সম্ভাৱনাই দেখা দিছে। প্ৰিয় শিল্পীক শেষ বিদায় দিবলৈ আহিয়েই আছে অনুৰাগী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us