/asomiyapratidin/media/media_files/2025/10/13/zubeen-2025-10-13-22-43-11.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰক লৈ চৰকাৰে এতিয়ালৈকে কোনো এছ অ পি জাৰি কৰা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰক ভুৱা আখ্যা দিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিস্থলীত ৰাইজৰ প্ৰৱেশ আৰু প্ৰস্থানক লৈ কোনো নিয়মাৱলী জাৰি কৰা নাই চৰকাৰে।
উল্লেখ্য যে, সোমবাৰৰ দুপৰীয়া ভাগৰে পৰা জুবিন গাৰ্গৰ সমাধিস্থলীত প্ৰৱেশ আৰু প্ৰস্থানক লৈ এছ অ পি জাৰি কৰা বুলি একাংশ সংবাদমাধ্যমত খবৰ প্ৰকাশিত হৈছিল। তাৰপিছৰে পৰাই ৰাজ্যৰ দূৰ-দুৰণিৰ পৰা সমাধিস্থলীলৈ অহা ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।
অৱশ্যে শেহতীয়াকৈ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত একাংশই জুবিন অনুৰাগীৰ নামত অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে জুবিন সমাধিস্থলীত ৪গৰাকী নিৰাপত্তাৰক্ষী নিয়োগ কৰিছিল। এতিয়াৰে পৰা এই ৪গৰাকী নিৰাপত্তাৰক্ষীয়ে দিনে-ৰাতিয়ে পহৰা দিব জুবিন সমাধিক্ষেত্ৰত।