/asomiyapratidin/media/media_files/2025/10/26/ujjjd-2025-10-26-10-38-50.jpg)
ডিজিটেল ডেস্কঃ মৃত্যুৰ কিছুদিনৰ পূৰ্বে এটা সাক্ষাতকাৰত জুবিন গাৰ্গে কৈছিল যে, তেওঁৰ সৃষ্টিৰ সৰহভাগেই তেওঁ সপোনৰ জৰিয়তে লাভ কৰে। জীৱিতকালত যিমান গান বা কাহিনী জুবিন গাৰ্গে সৃষ্টি কৰিছিল, তাৰ বেছিভাগ তেওঁ সপোনত আহৰণ কৰা বুলি প্ৰায়ে সাক্ষাতকাৰত উল্লেখ কৰিছিল।
ৰৈ ৰৈ বিনালে ছবিখনৰ কাহিনীও জুবিন গাৰ্গে এতিয়াৰে পৰা প্ৰায় ১৭বছৰৰ পূৰ্বেই ভাৱিছিল। ভিন্ন কাৰনৰ বাবে ছবিখনৰ কাম পিছুৱাই আছিল। ছবিখনৰ কাহিনীৰ কথা তেওঁ সহযোগীসকলক কৈছিল আৰু সেইধৰণেই চিত্ৰনাট্য,সংলাপ ৰচনা ৰচনা কৰা হৈছিল।
ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ ইতিমধ্যে মুক্তি পাইছে। ট্ৰেইলাৰটোতে জুবিন গাৰ্গৰ আঁচল জীৱনৰ চৰিত্ৰ সুবহুভাৱে ফুটি উঠিছে। ট্ৰেইলাৰখনৰ শেষৰ এটা দৃশ্য সুবহুভাৱে মিলি গৈছে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ আগৰ্মূৰ্হুতৰ এটা দৃশ্যৰ সৈতে। সেই দৃশ্যটো এইটো-
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/26/da87aad8-2129-44d6-b441-ebdafae37a48-2025-10-26-10-51-55.jpg)
কেৱল এটা দৃশ্যই নহয়, ট্ৰেইলাৰটোত থকা জুবিনৰ প্ৰায়বোৰ সংলাপ বাস্তৱ জীৱনৰ সৈতে সাদৃশ্য আছে। যেনেঃ সাগৰখন ইমান ডাঙৰ, সাতুৰিব পাৰিমনে ইত্যাদি সংলাপবোৰ। ছবিখনৰ মুক্তিৰ পূৰ্বেই ট্ৰেইলাৰটোতেই জুবিনৰ বাস্তৱ জীৱনৰ বহু সাদৃশ্য দেখিবলৈ পোৱা গৈছে।
চিনেমাখনত যেনেদৰে সাগৰৰ পাৰত জুবিনৰ নিথৰ দেহ পৰি আছে, ঠিক তেনেকৈ একেই ভংগীমাৰে জুবিনৰ মৃত্যুৰ আগমূৰ্হূতৰ এখন ফটোও ভাইৰেল হৈছে ইতিমধ্যে। এই সকলোবোৰলৈ চাই এতিয়া নেটিজেনসকলে কৈছে যে, জুবিনে নিজৰ মৃত্যুৰ বতৰা আগতীয়াকৈ সপোনৰ জৰিয়তে লাভ কৰিছিল। নহ'লেনো বাস্তৱ জীৱনৰ সৈতে ইমান সাদৃশ্য হ'ব পাৰেনে এখন ছবিৰ কাহিনী।
অৱশ্যে এটা কথা ঠিক যে, ৰৈ ৰৈ বিনালেৰ কাহিনীও জুবিন গাৰ্গে সপোনত দেখা বুলি কিছু সাক্ষাতকাৰত সদৰি কৰিছিল। যদিহে জুবিনে সপোনত এনে এক কাহিনীয়ে দেখা পাইছিল, তেনে জুবিনক তেওঁৰ মৃত্যুৰ বতৰা আগতীয়াকৈ ঈশ্বৰে দিছিল বুলি কলেও কোনো ভুল কোৱা নহ'ব।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us