মেনেজাৰ সিদ্ধাৰ্থৰ চূড়ান্ত অৱহেলাৰ বাবেই অসমে জুবিনক হেৰুৱালে...

মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে এতিয়া জ্বলি আছে জুবিনক ভালপোৱা সকলোবোৰ মানুহ। জীৱিত কালত জুবিনক কেৱল বেপাৰৰ বাবে ব্যৱহাৰ কৰা সিদ্ধাৰ্থৰ এটাৰ পিছত এটা ক'লা অধ্যায় পোহৰলৈ আহিয়েই আছে। এনে

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে এতিয়া জ্বলি আছে জুবিনক ভালপোৱা সকলোবোৰ মানুহ। জীৱিত কালত জুবিনক কেৱল বেপাৰৰ বাবে ব্যৱহাৰ কৰা সিদ্ধাৰ্থৰ এটাৰ পিছত এটা ক'লা অধ্যায় পোহৰলৈ আহিয়েই আছে। এনে পৰিস্থিতিৰ মাজতে সিদ্ধাৰ্থৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ আনিলে জুবিন গাৰ্গৰ অতিকৈ পুৰণি ঘনিষ্ঠ বন্ধু তথা এন কে প্ৰডাকচনৰ স্বত্তাধিকাৰী দেৱ বৰকটকী।

জুবিন গাৰ্গক সংগীতৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত দেৱ বৰকটকীৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। জুবিনৰ চিৰসেউজ তথা জনপ্ৰিয় গীতসমূহ এই এন কে প্ৰডাকচনৰ বেনাৰতে প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল। জুবিন গাৰ্গ মৃত্যুৰ ঘটনাক লৈ প্ৰায় এমাহৰ পাছত তদন্তকাৰী সংস্থাই সাক্ষ্যদানৰ বাবে বিচাৰিছিল দেৱ বৰকটকীক।

২০অক্টোবৰ, ২০২৫ত দেৱ বৰকটকী চি আই ডি অফিচত উপস্থিত হৈ সাক্ষ্যদান কৰে।  তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত আৱেগিক হৈ পৰে বৰকটকী। অতি আক্ষেপেৰে তেওঁ কয় যে, মেনেজাৰ সিদ্ধাৰ্থৰ চূড়ান্ত অৱহেলাৰ বাবেই জুবিনৰ মৃত্যু হ'ল। মেনেজাৰ হিচাপে তেওঁৰ দায়িত্বই কেৱল জুবিন। তেওঁ অতিপাত দায়িত্বহীনতাৰ বাবেই আমি জুবিনক হেৰুৱালো।

উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ তদন্তৰ খাতিৰত এতিয়ালৈকে ৫০ৰো অধিক ব্যক্তিৰ সাক্ষ্যদান কৰিছে এছ আই টিয়ে।

জুবিন গাৰ্গ