/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-11-20-21-55-41.jpeg)
ডিডিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যু ৰহস্যহ আহি পৰিছে ন ন তথ্য । যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ দিয়াৰ পাছতেই তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ কৰি তুলিছিল। অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে খৰতকীয়া কৰিছে এই তদন্ত প্ৰক্ৰিয়া ।
উল্লেখ্য যে আজিৰ দিনটোতে SITয়ে ৰাজ্য চৰকাৰৰ গৃহ বিভাগক জমা দিয়ে এক আংশিক প্ৰতিবেদন। এই প্ৰতিবেদনেত উল্লেখ আছে বহু তথ্য । জুবিন গাৰ্গৰ মৃত্যুত কোন দায়ী সেই কথাও উল্লেখ আছে এই প্ৰতিবেদনতে। SITয়ে দাখিল কৰা আংশিক প্ৰতিবেদনত উল্লেখ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত একাধিক বিস্ফোৰক তথ্য। এই গোচৰত অভিযুক্ত হৈ সম্প্ৰতি কাৰাৰুদ্ধ হৈ আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শর্মা, সন্দীপন গাৰ্গ, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্তকে ধৰি কেইবাগৰাকীও অভিযুক্ত।
তাৰোপৰি, কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ? কি হৈছিল ছিংগাপুৰত? কিয় অকাল মৃত্যুক সাবটি ল’বলগীয়া হ’ল জুবিন গাৰ্গে? এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে ৰাজ্যবাসীয়ে। এই সমূহ প্ৰশ্নৰ উত্তৰ আছে এই প্ৰতিবেদনতেই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us