/asomiyapratidin/media/media_files/2025/12/16/whatsapp-2025-12-16-08-15-39.jpeg)
ডিজিটেল ডেস্কঃ আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ প্ৰথমটো শুনানি। শুনানিৰ বাবে আদালতলৈ অনা নহয় ৭ অভিযুক্তক। ভাৰ্চ্যুৱেলী হ'ব ৭ অভিযুক্তৰ শুনানি। আৰক্ষীৰে বৈঠকৰ অন্তত ভাৰ্চ্যুৱেলী শুনানিৰ নিৰ্দেশ দণ্ডাধীশৰ। অভিযোগনামা দাখিলৰ পাছত প্ৰথমবাৰৰ বাবে হ'ব জুবিন গাৰ্গক হত্যাৰ শুনানি।
/asomiyapratidin/media/post_attachments/images/2025/10/07/article/image/Zubeen-1759834267698_v-985308.webp)
জুবিন গাৰ্গৰ হত্যাৰ ১২,২৭০ পৃষ্ঠা চাৰ্জশ্বীটত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, পৰিকল্পনা অনুসৰিয়েই জুবিনক হত্যা কৰা হৈছিল। সাগৰৰ পাৰত ৭৫ মিনিট সময় ধৰি অচেতন অৱস্থাত পৰি আছিল জুবিন গাৰ্গ। তাৰ পাছত এম্বুলেন্সৰ দ্বাৰা লৈ যোৱা হৈছিল হাস্পাতাললৈ।
/asomiyapratidin/media/post_attachments/2025/10/CID-arrests-singer-Zubeen-Gargs-manager-Siddhartha-Sharma-right-and-festival-organiser-Shyamkanu-Mahanta-left-from-Delhi-on-Wednesday.-ANI-909040.jpg?w=414)
উল্লেখ্য যে, প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ চার্জশ্বীট ১২ ডিচেম্বৰত আদালতত দাখিল কৰা হৈছিল। ইয়াৰোপৰি আজি আদালতৰ শুনানিকলৈ কি কি হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।/asomiyapratidin/media/post_attachments/public/incoming/op320z/article70175026.ece/alternates/FREE_1200/PTI10_17_2025_000021A-245344.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us