/asomiyapratidin/media/media_files/2025/12/16/new-ap-web1-2025-12-16-17-23-32.jpg)
ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযোগনামা দাখিলৰ এদিনৰ পাছতে ১৬ ডিচেম্বৰ ২০২৫ত সম্পন্ন হয় এই ঘটনাৰ প্ৰথমটো শুনানি পৰ্ব আৰম্ভ হয়। শুনানি পৰ্বত জুবিন হত্যাৰ ঘটনাৰে জড়িত তথা সম্প্ৰতি কাৰাবাসত থকা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ শুনানি গ্ৰহণ কৰে আদালতে।
উল্লেখযোগ্য যে, নিৰাপত্তাৰ খাতিৰত ভিডিঅ’ কনফাৰেন্সিংযোগে তেওঁলোকৰ শুনানি গ্ৰহণ কৰে আদালতে। ভাৰ্চুৱেলি এই শুনানি গ্ৰহণৰ পাছতে আজিৰ আদালতে ২২ ডিচেম্বৰত পুনৰ গোচৰৰ শুনানি দিন ধাৰ্য কৰে।
আদালতে জনোৱা মতে, ২২ ডিচেম্বৰত CJM-এ সংজ্ঞান প্ৰেৰণ কৰিব পাৰে সত্ৰ আদালতলৈ। তাৰ পিছতে গোচৰটোৰ প্ৰকৃত ৰূপত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। আজি এই ৭গৰাকী অভিযুক্তৰ হৈ উপস্থিত থাকে আদালতে নিয়োগ কৰা অধিবক্তা।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰে জড়িত এই সকল অভিযুক্তৰ হৈ উকীল সন্থাই ওকালতি নকৰো বুলি কোৱা সিদ্ধান্তৰ পাছত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰা নিয়োগ কৰা হয় এগৰাকী অধিবক্তা। এই ৭গৰাকী অভিযুক্তৰ হৈ অধিবক্তা ধ্ৰুৱজ্যোতি দাসক জিলা আইনী সেৱা কৰ্তৃপক্ষই নিয়োগ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us