New Update
/asomiyapratidin/media/media_files/2026/02/13/jdjjjd-2026-02-13-15-12-25.jpg)
ডিজিটেল ডেস্কঃ যিমানেই দিন বাগৰিছে সিমানেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা প্ৰতিগৰাকী অভিযুক্তৰ ন ন তথ্য উন্মোচন হৈছে। শেহতীয়াকৈ ফাদিল হৈছে যে, জুবিন গাৰ্গৰ দেহৰক্ষীৰ একাউন্টত মেনেজাৰ সিদ্ধাৰ্থৰ ঘনিষ্ঠই লাখে লাখে টকা জমা কৰিছিল।
২০১৮ চনৰ মাৰ্চৰ পৰা জুবিনৰ দেহৰক্ষী হিচাপে নিযুক্ত হৈছিল নন্দেশ্বৰ বৰা। ২০১৮ৰ পৰা ২০২৫লৈ নন্দেশ্বৰৰ একাউণ্টত জমা হৈছিল ৪৫,৩০,১৩৩ টকা। নন্দেশ্বৰৰ চৰকাৰী দৰমহাৰ ২২০% অতিৰিক্ত ধন জমা হৈছিল একাউণ্টত। নন্দেশ্বৰৰ একাউণ্টত ধন জমা কৰা আটাইকেইজন আছিল সিদ্ধাৰ্থৰ ঘনিষ্ঠ।
নন্দেশ্বৰ বৰাৰ একাউন্টত ৪,১২,৪০০ টকা নগাঁও ঘৰৰ পৰা আত্মীয়ই বেংকত জমা কৰিছিল। ১,৩৫,৩৫১ টকা কৃষ্ণানু দাসে জমা কৰিছিল নন্দেশ্বৰৰ বেংক একাউণ্টত। ৩,৩৩,৪০০ টকা জমা কৰিছিল মৃদুপৱন পাঠকে। ৫৯,৬০০ টকা ৰীদিপ দাস নামৰ আন এজন লোকে জমা কৰিছিল তেওঁৰ একাউণ্টত।
আনহাতে, SITয়ে পৰেশৰ বেংক একাউণ্টত পাইছে খেলিমেলিৰ তথ্য। ২০২২ চনৰ পৰা ২০২৫লৈ পৰেশৰ একাউণ্টত জমা হৈছিল ৩৬,৯৩,৩৩৯ টকা। ১৫ লাখ টকা ঋণৰ নামত লৈছিল পৰেশ বৈশ্যই। ১৮ লাখ টকা ছুইপ ক্ৰেডিট হৈছিল পৰেশ বৈশ্যৰ একাউণ্টত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us