/asomiyapratidin/media/media_files/2025/11/20/zytt-2025-11-20-00-18-43.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ মহানগৰীৰ গড়চুকত অৱস্থিত ডি এ ডেন্স একাডেমীৰ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী দিব্যজ্যোতি দাস, পেৰিছ গামখাৰু আৰু অসমীয়া গহনালয়ৰ স্বত্বাধিকাৰী পাপৰি কোঁৱৰ বৰ্মণ, প্ৰেৰণা আত্মসহায়ক গোটৰ সম্পাদিকা পদ্মা থাপা দাস, স্থানীয় সমাজকৰ্মী জোন বৰ্মণ, মমী বৰঠাকুৰ, বিপুল দাস বিপুল দাস, মতিউৰ ৰহমান, হেলেনা দৈমাৰী, তৰ্পণ মণ্ডল, এন প্ৰেমজিৎ সিং, দেৱজ্যোতি দাস, জয়প্ৰকাশ বৰুৱা আৰু সঞ্জীৱ দাস সহযোগত দিনজোৰা কাৰ্য্যসূচীৰে বিশ্ব বৰেণ্য শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উদযাপন কৰা হয়।
ৰাতিপুৱা ১০ বজত আয়তী সকলৰ নাম কীৰ্তন পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। নাম প্ৰসংগ সামৰণি ৰ পিছত বিয়লি ৫ বজাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক ৰজনী বৰ্মন হোলী হোম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, পামহিৰ অধ্যক্ষ ডেভিদ বৰ্মণ, এনিমেচন চলচ্চিত্ৰ পৰিচালক তথা অসম আৰক্ষীৰ পৰিদৰ্শক জিতেন দাস, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা ভাস্বতী কলিতা গড়চুক মিলন সংঘৰ সভাপতি দীপক ৰাজবংশী উপস্থিত থাকি শিল্পী জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য বিষয় সামৰি বক্তব্য আগবঢ়ায় ।
ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী দিব্যজ্যোতি দাসে সঞ্চালনা কৰা সাংস্কৃতিক অনুষ্ঠানত শিল্পী গৰাকীৰ যুগজয়ী সৃষ্টি,"মায়াবিনী ৰাতিৰ বুকুত দেখ পালো তোমাৰ ছবি" প্ৰাৰ্থনা সঙ্গীত উপস্থিত সকলোৱে সমূহীয়া ভাৱে পৰিৱেশন কৰে। সাংস্কৃতিক অনুষ্ঠানত ময়ুৰদ্বীপ তালুকদাৰ, হংসৰাজ মহন্ত, অনিশা বৈশ্য, মনিশা প্ৰিয়ম নাথ, বৰ্ণিল দাস , পাহেশ্বৰ দাস,শিলা বড়ো শঙ্কৰ বড়ো, পাৰিজাত একাডেমী,পামহি আৰু ডি এ ডেন্স একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলে হিয়াৰ আমঠু জুবিন গাৰ্গৰ কবিতা পাঠ, বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ লগতে প্ৰেৰণা বড়ো, মুনমী দাস, তেজস্বী দাস, অলঙ্কিতা সিনহা আৰু ডি পি এচ, এচ বি অ এ, বেথানী আৰু চেন্ট ফ্ৰাঞ্চিছ স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ জুবিন গাৰ্গৰ গীতৰ আধাৰত আকৰ্ষণীয় নৃত্য প্ৰদৰ্শন কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us