মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা..

আজি জুবিন বিহীন প্ৰথমটো ওপজা দিন। এই দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 10.59.08 AM

ডিজিটেল সংবাদ,মঙলদৈঃ আজি জুবিন বিহীন প্ৰথমটো ওপজা দিন। এই দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে। মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ'ৰামেও দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ঈশ্বৰ পুত্ৰৰ ওপজা দিনৰ কাৰ্যসূচী।

উল্লেখ্য যে প্ৰথমটো কাৰ্যসূচী (প্ৰভাত ফেৰী)ত অনুষ্ঠিত হয়।  প্ৰভাত ফেৰীত প্ৰায় দুই শতাধিক জুবিনৰ গুণমুগ্ধই অংশগ্ৰহণ কৰে।

আনফালে জুবিনৰ কালজয়ী গীত সমূহ পৰিবেশন কৰি পৰিভ্ৰমণ কৰে মঙলদৈ চহৰ।

তাৰোপৰি প্ৰভাত ফেৰীত উপস্থিত আছিল অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাস,অসম বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নিলীমা দেৱী, বিশিষ্ট চিকিৎসক অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ লগতে মঙলদৈৰ বহু বিশিষ্ট লোক।

মঙলদৈ