/asomiyapratidin/media/media_files/2025/11/02/biddd-2025-11-02-09-24-02.jpg)
ডিজিটেল ডেস্কঃ অহা ১৮নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। প্ৰিয় শিল্পীগৰাকীৰ অনুপস্থিতিত এয়া প্ৰথমটো জন্মদিন। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্ত জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন উদযাপন কৰিবলৈ অনুৰাগী সকলে পৰিকল্পনা আৰম্ভ কৰিছে।
জুবিন গাৰ্গৰ দীৰ্ঘকালৰ বন্ধু তথা ভাতৃ মানস ৰবীনেও জুবিন গাৰ্গৰ বাবে সাজু কৰিছে এটা জন্মদিনৰ উপহাৰ। এই উপহাৰৰ সন্দৰ্ভত সামাজিক মাধ্যমত লিখিলে মানস ৰবীনে। মানস ৰবীনে এইবাৰৰ জন্মদিনত জুবিন গাৰ্গৰ উপহাৰ দিব এটা বিশেষ গীত। ইতিমধ্যে গীতটোৰ কাম আৰম্ভ হোৱাৰ কথা সামাজিক মাধ্যমত ৰাজহুৱা কৰিলে মানস ৰবীনে।
সামাজিক মাধ্যমত মানস ৰবীনে লিখিছে এনেদৰে-
গল্ডী দা, আজি তোমাৰ গানটো মই আৰম্ভ কৰিলো দেই 🙏 ৯ আৰু ১০ তাৰিখে ডাবিং ৰাখিছো । ১২ তাৰিখে ভূপেশে মিক্স কৰিব । ১৩ তাৰিখে সৰুকে শ্বোটিং এটা ৰাখিম । ১৪ আৰু ১৫ ত এডিটিং ……. তোমাৰ বাৰ্থদেৰ আগত ৰেডি হৈ যাব দিয়া 🙏 নোৱাৰো কালিৰ পৰা মই ৰবীন আৰ্মীৰ কামত উজনি অসমত থাকিম । ইফালে যোৰহাটৰ তোমালোকৰ পুৰণা ঘৰৰ ৰাষ্টাটোত নাহৰ পুলি ৰোৱাৰ সম্পৰ্কত চন্দন নগৰৰ লৰাবোৰৰে কথা পাতিবলৈও আছে । গৰিমা বৌ , পামীক আজি লগ পাম । বাকী তোমাৰ চিনেমাই ফালি দিছে … ফেন ক্লাবৰ লৰাবোৰে চিনেমাৰ ক্লিপ ভাইৰেল কৰা পেজ বোৰ ৰিপৰ্ট মাৰি উৰুৱাই আছে ….. আৰে কৈছো নহয় হৈ যাব , ১৮ তাৰিখৰ আগত গান পাই যাবা । মই তোমাৰ অমখ আহোমে কথা দিছো 🛎️
Show must go on ………………
#JusticeForZubeenGarg
#roiroibinale
#JoiZubeenDa
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us