/asomiyapratidin/media/media_files/2025/09/21/zubeen-2025-09-21-23-24-24.jpeg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ সামাজিক আৰু সাংস্কৃতিক সংগঠন “ৰাহেইন ফাউণ্ডেচন”-এ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান “ভাৰত ৰত্ন”ৰ বাবে সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নাম প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনাই এক পত্ৰ প্ৰেৰণ কৰিছে।এক পত্ৰত সংগঠনটোৱে কয়, অসমৰ সংস্কৃতিৰ হৃৎস্পন্দন হিচাপে খ্যাত কণ্ঠ শিল্পী, গীতিকাৰ, সংগীত পৰিচালক জুবিন গাৰ্গৰ সৃষ্টিয়ে বহু দশকজুৰি নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে দেশৰ ভিতৰে বাহিৰে অসমীয়া সংস্কৃতিৰ পৰিচয় বহন কৰিছে।
পত্ৰখনত সংগীতৰ লগতে জুবিনৰ সমাজৰ বাবে কৰা বিভিন্ন কাম-কাজৰ কথাও বিশেষ ভাৱে উল্লেখ কৰিছে। দীৰ্ঘকাল ধৰি তেওঁ বিভিন্ন দাতব্য কার্যসূচী, অসহায়, দৰিদ্ৰজনক সহায় কৰি অহাৰ লগতে সমাজকল্যাণমূলক প্ৰচেষ্টাত সম্পৃক্ত হৈ আছিল বুলি ৰাহেইন ফাউণ্ডেচনে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰত উল্লেখ কৰিছে।
সংগঠনটোৰ সভাপতি দীপৰাজ চক্ৰৱৰ্তীয়ে কয়— “প্ৰয়াত জুবিন গাৰ্গ অসমবাসীৰ গৌৰৱৰ প্ৰতীক। তেওঁৰ জীৱনজুৰি শিল্প, সংস্কৃতি আৰু সমাজৰ বাবে যি অৱদান আগবঢ়াই গ’ল তাক সন্মানিত কৰিবলৈ ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰাটো অসমবাসী তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয় হ’ব।”
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভায়ো জুবিন গাৰ্গক ভাৰত ৰত্নৰে সন্মানিত কৰিবলৈ দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us