জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিঃ ৪ যুৱকৰ ফটো প্ৰকাশেৰে আৰক্ষীয়ে ৰাইজৰ পৰা বিচাৰিছে তথ্য...

প্ৰয়াত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উদ্ভণ্ডালি কৰি অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰা যুৱকৰ সন্ধান দিবলৈ ৰাইজৰ পৰা সহায় বিচাৰিছে অসম আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিঃ ৪ যুৱকৰ ফটো প্ৰকাশেৰে আৰক্ষীয়ে ৰাইজৰ পৰা বিচাৰিছে তথ্য...

ডিজিটেল ডেস্কঃ প্ৰয়াত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উদ্ভণ্ডালি কৰি অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰা যুৱকৰ সন্ধান দিবলৈ ৰাইজৰ পৰা সহায় বিচাৰিছে অসম আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱা জাননী জাৰি কৰাৰ লগতে যুৱককেইজনৰ ছবিও প্রকাশ কৰিছে। 

লগতে যুৱককেইজন সন্দৰ্ভত পোৱা খবৰ দিবলৈ আৰক্ষীয়ে এটা ফোন নম্বৰো ৰাজহুৱা কৰিছে। আৰক্ষীয়ে দিয়া ফোন নম্বৰটো হ'ল ৬০২৬৯০০৫৫২। অসম আৰক্ষীয়ে আজি জাৰি কৰা ৰাজহুৱা জাননীত কোৱা হৈছে যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ৪ জন যুৱকে উক্ত অনুষ্ঠানটোত উপস্থিত থকা ৰাজ্যৰ শিল্পী সমাজ আৰু সাংস্কৃতিক-সামাজিক অনুষ্ঠানৰ বিষয়ববীয়াকে ধৰি বিভিন্ন ব্যক্তিক অপ্রৰোচিতভাৱে অপদস্থ কৰাৰ লগতে উদ্ভণ্ডালি কৰি অনুষ্ঠানটোৰ পবিত্রতা নষ্ট কৰাৰ অপচেষ্টা কৰিছিল।

আৰক্ষীয়ে সামাজিক মাধ্যমযোগে উক্ত ৪ জন যুৱকৰ ফটো প্রকাশ কৰাৰ লগতে যুৱককেইজনক চিনি পোৱা বা তেওঁলোকৰ বিষয়ে জনা লোকক উক্ত ফোন নম্বৰত জনাবলৈ অনুৰোধ কৰিছে।

জুবিন গাৰ্গ