সৰুসজাইত ৰখা হ'ব জুবিনৰ নশ্বৰদেহ, অনুৰাগীয়ে জনাব পাৰিব শেষ শ্ৰদ্ধা

আজি নিশাৰ ভাগত অসম পাবহি জুবিনৰ পাৰ্থিৱ শৰীৰ। সৰুসজাই ষ্টেডিয়াত ৰখা হ'ব জুবিনৰ নশ্বৰদেহ। এদিনৰ বাবে সৰুসজাইত ৰাখিব জুবিনক।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-20 at 8.24.46 AM

ডিজিটেল ডেস্কঃ জুবিন আকৌ উভতি আহিব অসমলৈ। কিন্তু এইবাৰ আহিব কেৱল পাৰ্থিৱ শৰীৰলৈ। জুবিন গাৰ্গ আৰু নাই! অসমবাসীয়ে কেতিয়াও নভবা, অনুৰাগীয়ে কেতিয়াও মানি লব নোৱাৰা এই সত্যৰ সৈতে এতিয়া মুখামুখি হৈছে সকলো।

আজি নিশাৰ ভাগত অসম পাবহি জুবিনৰ পাৰ্থিৱ শৰীৰ। সৰুসজাই ষ্টেডিয়াত ৰখা হ'ব জুবিনৰ নশ্বৰদেহ। এদিনৰ বাবে সৰুসজাইত ৰাখিব জুবিনক। তাতে অনুৰাগীয়ে প্ৰিয় শিল্পীগৰাকীক জনাব পাৰিব শেষ শ্ৰদ্ধা। কিন্তু যদি ৰাইজে বিচাৰে তেন্তে সৰুসজাইত জুবিনক দুদিনৰ বাবে ৰখাৰ কথাও চিন্তা কৰিছে ৰাজ্য চৰকাৰে। 

আনহাতে, ইতিমধ্যে গুৱাহাটীমুখী হৈছে ভিন্ন প্ৰান্তত থকা জুবিনৰ অনুৰাগী। প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহ আটাইৰে। ইফালে, আইন-শৃংখলা জনিত পৰিস্থিতিৰ বাবেও সাজু হৈছে প্ৰশাসন। কিছুসময়ৰ পাছতে সৰুসজাইত উপস্থিত হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। 

জুবিন জুবিন গাৰ্গ