/asomiyapratidin/media/media_files/2026/02/27/tyuyuty-2026-02-27-21-56-22.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা কাৰাগাৰৰ সন্মুখত আজি জিন্দাবাদ ধ্বনিৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নাজিমূল হকক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। এমাহৰ অধিক সময় জে'ল হাজোতত থকাৰ অন্তত তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহে।
উল্লেখযোগ্য যে, যোৱা ২৮ জানুৱাৰীত বিলাসীপাৰা সমজিলাৰ চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এছ আৰ প্ৰসংগত এক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল। সেই সময়ছোৱাত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ সময়ত চক্ৰ বিষয়া গৰাকীয়ে বাহিৰলৈ আহি একাংশ প্ৰতিবাদকাৰীক প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰা হয়। ইয়াৰ পিছতে আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা নাজিমূল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পাছত ধুবুৰী আদালতৰ জৰিয়তে তেওঁক জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল।
সম্পূৰ্ণ এমাহ উকলি যোৱাৰ পাছত আদালতে নাজিমূল হকৰ জামিন মঞ্জুৰ কৰে। আজি জে'লৰ পৰা মুক্তি লাভ কৰাৰ পাছতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ফুলাম গামোচা আৰু মালাৰে তেওঁক আদৰণি জনায়।
ইফালে, জেলৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত নাজিমূল হকে কয় যে, বিজেপি চৰকাৰে এছ আৰ প্ৰক্ৰিয়াৰ জৰিয়তে বহু লোকৰ নাম কৰ্তন কৰাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছিল আৰু তেওঁ সদায় ৰাইজৰ স্বাৰ্থত মাত মাতি আহিছে। তেওঁৰ কণ্ঠ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সুযোগ দিলে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us