বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি পদত জাকিৰ হুছেইন চৌধুৰী

বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতি পদ লাভ কৰিছে জাকিৰ হুছেইন চৌধুৰীয়ে

author-image
Asomiya Pratidin
New Update
537

ডিজিটেল সংবাদ, সৰ্থেবাৰী : বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতি পদ লাভ কৰিছে জাকিৰ হুছেইন চৌধুৰীয়ে। এনে এটি খবৰৰ পাছতে বৰপেটা জিলাৰ লগতে ভৱানীপুৰ সৰভোগ সমষ্টিত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখযোগ্য যে, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ মৰ্মে আৰু বৰপেটা জিলা বিজেপি সভাপতি মহেন্দ্ৰ দাসৰ তৎপৰতাত বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ নতুনকৈ গঠন কৰা সভাপতি জাকিৰ হুছেইন চৌধুৰীক এক গধুৰ দায়িত্ব অৰ্পণ কৰে ।

উল্লেখ্য যে, পূৰ্বতে জাকিৰ হুছেইন চৌধুৰী বৰপেটা জিলা পৰ্য্যায়ত ভাৰতীয় জনতা পাৰ্টীৰ এক গধুৰ দায়িত্বত আছিল । তেওঁৰ দায়িত্বৰ প্ৰতি লক্ষ্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,  ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া , ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিউচ কুজুৰ , ৰাজ্যিক কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু  বৰপেটা জিলা বিজেপি দলৰ সভাপতি মহেন্দ্ৰ দাসৰ তৎপৰতাত  বিজেপি দলে এই গধুৰ দায়িত্ব অৰ্পণ কৰে । 

ইফালে দায়িত্ব লাভৰ পাছতে চৌধুৰীয়ে আটাইকেইগৰাকীক নেতাক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। ভৱানীপুৰ সৰভোগ সমষ্টিৰ কলহভাঙা পঞ্চায়তৰ বিজেপি দলৰ সমৰ্থকসকলে জাকিৰ হুছেইন চৌধুৰীক শুভেচ্ছা ও অভিনন্দন জনায়।

বিজেপি