খেলৰ বাবে নহয়, বিলাসী গাড়ী ক্ৰয়ৰে চৰ্চালৈ আহিছে য়ুজবেন্দ্ৰ চহল

দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা নাই তেওঁ। নতুন নতুন খেলুৱৈৰ ভিৰত দলত স্থান নোপোৱা য়ুজবেন্দ্ৰ চহলে হাতত বল লোৱাৰ বিপৰীতে লৈছে বিলাসী গাড়ীৰ চাবি। 

author-image
Asomiya Pratidin
New Update
505

ডিজিটেল ডেস্ক : দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা নাই তেওঁ। নতুন নতুন খেলুৱৈৰ ভিৰত দলত স্থান নোপোৱা য়ুজবেন্দ্ৰ চহলে হাতত বল লোৱাৰ বিপৰীতে লৈছে বিলাসী গাড়ীৰ চাবি। 

শেহতীয়াকৈ তেওঁ ক্ৰয় কৰিছে এখন বিলাসী গাড়ী। যিখন গাড়ীৰ বাবে তেওঁক লৈ সামাজিক মাধ্যমত চলিছে চৰ্চা। তেওঁ ক্ৰয় কৰা বাহনখন হৈছে বি এম ডব্লিঅ’ জেদ ৪। 

ভাৰতীয় টকাৰ হিচাপত এই বাহনখনৰ দাম হৈছে ৮৭. ৯০ৰ পৰা ৯২.৬১ লাখ টকা। এই বাহনখন ক্ৰয় কৰি উঠিয়েই তেওঁ নিজৰ সামাজিক মাধ্যমত এটি পোষ্ট ৰাজহুৱা কৰিছে। পিতৃ- মাতৃক কাষত লৈ চহলে শ্বেয়াৰ কৰিছে বি এম ডব্লিঅ’ জেদ ৪ৰ ফটো। 

সামাজিক মাধ্যমত তেওঁ লিখিছে- মোৰ প্ৰতিটো সপোন বাস্তৱ কৰি তোলা মানুহ দুজনৰ সৈতে মোৰ নতুন বাহনখন ঘৰলৈ আনিলো। মোৰ লগতে মোৰ এই সপোনটো মা- দেউতাক দেখুৱাব পৰাটোৱেই মোৰ বাবে প্ৰকৃত বিলাসীতা। 

প্ৰণিধানযোগ্য যে, চহলৰ এইখনেই প্ৰথম গাড়ী নহয়। তেওঁৰ গেৰেজত আছে কেইবাখনো বিলাসী বাহন। তাৰ ভিতৰত কেয়েন এছ, মাৰ্ছেডিজ – বেঞ্জ চি ক্লাছ, ৰ’লছ ৰয়েচ আৰু লেম্বৰঘিনি আদি উল্লেখযোগ্য।

cricket