/asomiyapratidin/media/media_files/2026/02/04/whatsapp-image-2026-0-2026-02-04-21-12-23.jpeg)
ডিজিটেল ডেস্ক : বুধবাৰে সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙে । আনহাতে, নগা পিপলছ ফ্ৰণ্টৰ লোছি দিখোৱেও আৰু বিজেপিৰ নেমচা কিপগেনে ভাৰ্চুৱেলী নতুন দিল্লীৰ পৰা উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷
বিজেপিৰ গোবিন্দ কনথৌজাম আৰু ৰাষ্ট্ৰীয় জন পাৰ্টীৰ খ’ লোকেনেও আন দুজন মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই সকলোকে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰাৰ কেইঘণ্টামান পিছতে ইম্ফলৰ লোকভৱনত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান । বিগত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰাই হিংসাজৰ্জৰ মণিপুৰত বলৱৎ হৈ আছিল ৰাষ্ট্ৰপতিৰ শাসন ।
বিজেপিৰ কেইবাজনো বিধায়ক, দলৰ শীৰ্ষ নেতা আৰু ৰাজ্যখনৰ এন ডি এৰ শীর্ষ নেতাসকলে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্রহণ কৰে ৷ ইয়াৰ পূৰ্বে খেমচান্দে ইম্ফলৰ লোকভৱনত মণিপুৰৰ ৰাজ্যপাল ভাল্লাক সাক্ষাৎ কৰি ৰাজ্যখনত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠনৰ দাবী জনাইছিল ৷
মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে সামাজিক মাধ্যমত উল্লেখ কৰে যে, ‘‘মই নিশ্চিত যে নতুন মন্ত্ৰী পৰিষদ গঠনৰ লগে লগে শান্তি আৰু উন্নয়ন নতুন চৰকাৰৰ পথ প্ৰদৰ্শক নীতি হ’ব । বিকশিত ভাৰত আৰু বিকশিত মণিপুৰৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এই ৰাজনৈতিক যাত্ৰা প্ৰত্যাহ্বানপূৰ্ণ । কিন্তু এই অভিলাষী লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাৰ অগ্ৰাধিকাৰ দৃঢ়তাৰ সৈতে সংযোজিত হৈ থাকিব ।’’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us