ৰাজধানী দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত অষ্টলক্ষ্মী কাৰ্নিভেল

কাৰ্নিভেলত উত্তৰ-পূৰ্ব ভাৰতৰ সমৃদ্ধ খাদ্য পৰম্পৰা, লোকশিল্প, সংগীত, নৃত্য, হাতবোৱা কাপোৰ আৰু হস্তশিল্প প্ৰদৰ্শন কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্কঃ আজিৰে পৰা যোগসূত্ৰৰ উদ্যোগত ৰাজধানী দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অষ্টলক্ষ্মী কাৰ্নিভেল। বৰ্ণাঢ্য উত্তৰ-পূৰ্ব ভাৰতীয় খাদ্য আৰু সাংস্কৃতিক এই উৎসৱৰ পুৱাই খাদ্য বিপনীৰ মুকলি কৰে।

উল্লেখ্য যে, জেষ্ঠ্য সাংবাদিক তথা নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সভাপতি সঞ্জীৱ বৰুৱাই আনুষ্ঠানিক ভাৱে মুকলি কৰে "ফুড কৰ্ট" ৷ইপিনে কাৰ্নিভেলত উত্তৰ-পূৰ্ব ভাৰতৰ সমৃদ্ধ খাদ্য পৰম্পৰা, লোকশিল্প, সংগীত, নৃত্য, হাতবোৱা কাপোৰ আৰু হস্তশিল্প প্ৰদৰ্শন কৰা হয়।

নিশা উত্তৰ-পুৱৰ " ৰ'ক বেণ্ড" উপৰিও বিশিষ্ট চলচিত্ৰ নিৰ্মাতা উৎপল বৰপুজাৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ ল'ব শিল্পী জয় বৰুৱাই।

কাৰ্নিভেল