/asomiyapratidin/media/media_files/2025/08/14/chirang-14-2025-08-14-20-26-50.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলক লৈ যুৱ সংসদীয় অধিৱেশন অনুষ্ঠিত হয়। দেশৰ জনসাধাৰণে নিৰ্বাচিত কৰি পঠিওৱা প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ সংসদসকলে কেনেদৰে সংসদত কাম কৰে তাৰ অভিজ্ঞতা ল’বলৈ চিৰাং জিলাৰ দহখন শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ ২০০ গৰাকী ছাত্ৰ ছাত্ৰীক লৈ এই যুৱ সংসদ অধিৱেশন হয়।
এই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা এজনক নিৰ্বাচিত কৰা হয় অধ্যক্ষ, একাংশই শাসকীয় দলৰ ভূমিকা পালন কৰাৰ বিপৰীতে আন একাংশই বিৰোধী দলৰ ভূমিকা পালন কৰে। শাসকীয় দলৰ পৰা নিৰ্বাচিত হয় প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী, শিক্ষামন্ত্ৰী। আনহাতে একাংশ ছাত্ৰ ছাত্ৰীয়ে বিৰোধী দলৰ সাংসদৰ ভূমিকা পালন কৰে।
চিৰাং জিলাত এই অধিৱেশন অনুষ্ঠিত কৰিব পৰাকৈ সভাকক্ষ নথকাত কোকৰাঝাৰস্থিত বিটিচিৰ সচিবালয়ৰ সভাকক্ষত আয়োজন কৰা এই যুৱ সংসদীয় অধিৱেশনত উপস্থিত থাকি আঁদৰণি ভাষণ আগবঢ়াই জিলা আয়ুক্ত যতীন বৰাই। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিটিচিৰ সংসদীয় পৰিক্ৰমা বিভাগৰ সচিব অমৰেন্দ্ৰ নাৰায়ণ ডেকা।
আজিৰ এই যুৱ সংসদীয় অধিৱেশনত শিক্ষা, স্বাস্থ্য, প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি দ্ৰব্যমূল্য বৃদ্ধি, নিবনুৱা সমস্যা আনকি উচ্ছেদ অভিযানক লৈ বিৰোধী দলৰ পৰা প্ৰশ্ন উত্থাপন কৰা হয়। বিৰোধীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী সকলোৱেই উত্তৰৰ দিয়াৰ চেষ্টা কৰে। ইয়াকে লৈ সংসদৰ দৰেই আজিৰ যুৱ সংসদীয় অধিৱেশনতো শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক বিতণ্ডা হয়।
বিশেষকৈ বিত্তমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰা ছাত্ৰীগৰাকীৰ বুদ্ধিমত্তাৰে দিয়া উত্তৰ শুনি উক্ত অনুষ্ঠানত উপস্থিত থকা সকলোৱে শলাগ লয়। আজিৰ এই যুৱ সংসদীয় অধিৱেশনত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ অভিজ্ঞতা সদৰি কৰি কয় যে আমি ইমান দিনে টেলিভিচনত দেখিছো দেশৰ সংসদত ইমান হাল্লা কৰে। কিন্তু কিয় হাল্লা হয় সেয়া জনা নাছিলো। কিন্তু আজি যুৱ সংসদত দেশৰ প্রধানমন্ত্রীৰ ভূমিকা পালন কৰাৰ সুযোগ লাভ কৰাৰ পিছত প্ৰথমে খুবেই ভয় খাইছিলো যদিও পিছত নিজকে চম্ভালি বিৰোধীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছো, সংসদত কিয় ইমান হাল্লা হয় আজি সেয়া অনুভৱ কৰিব পাৰিছো।
আনহাতে আজিৰ যুৱ সংসদীয় অধিৱেশনত বিত্তমন্ত্ৰীগৰাকীৰ ভূমিকা পালন কৰা ছাত্ৰী গৰাকীয়ে নিজৰ অভিজ্ঞতাৰ কথা সদৰি কৰে যে, আজি এক সম্পূৰ্ণ নতুন অভিজ্ঞতা লৈ গৈছো। ভৱিষ্যতে এগৰাকী অধিবক্তা নাইবা সাংবাদিক হোৱাৰ সপোন দেখা ছাত্ৰী গৰাকীয়ে দেশৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত কয় যে দেশৰ জিডিপি বাঢ়ি গৈ আছে এইটো সঁচা কথা, কিন্তু তাৰ বিপৰীতে দেশৰ শিক্ষাব্যৱস্থা নিম্নগামী হৈছে বুলি আক্ষেপৰ সৈতে প্ৰকাশ কৰে লগতে দেশৰ প্ৰচলিত শিক্ষা পৰিবৰ্তন কৰাৰ কথা দোহাৰে।
আনহাতে আজিৰ অনুষ্ঠানৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া সমল ব্যক্তি থকা শিক্ষক, শিক্ষয়িত্ৰী দুজনে ছাত্ৰ ছাত্ৰীসকলে আজি যিধৰণে উপস্থিত বুদ্ধিমত্তাৰে ৰাইজৰ জলন্ত সমস্যাৰ ওপৰত সংসদৰ প্ৰশ্ন-উত্তৰ কৰিলে বা দিলে তাকে দেখি আশ্চৰ্য্যতা প্ৰকাশ কৰে। আজিৰ এই যুৱ সংসদীয় অধিৱেশন কাৰ্য্যসূচী পৰিচালনা কৰে চিৰাং জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা বিষয়া হৰেশ্বৰ বসুমতাৰীয়ে।