/asomiyapratidin/media/media_files/2026/02/15/138-2026-02-15-23-16-28.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : যুৱ সাংবাদিক সন্থা, অসমৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তথা বিশেষ সম্বৰ্ধনা অনুষ্ঠান এইবেলি অনুষ্ঠিত কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত। এই অনুষ্ঠনতে অসমৰ প্ৰবীণ বিশিষ্ট সাংবাদিক হাইদৰ হছেইনক জীৱন জোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়।
একেদৰে BBC INDIA ৰ অসম সন্তান শচীন গগৈ দেৱক সংবাদ শিৰোমনি সন্মানৰ লগতে কেইবাগৰাকীও বিশিষ্ট সাংবাদিকক বিশেষভাৱে সন্মান জনোৱা হয়। আজিৰ এই অনুষঠানটোত মুখ্য অতিথিৰ আসন অলংকৃত কৰে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমালবাৰী সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভু জনাৰ্দন গোস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, বিশিষ্ট লেখক সমালোচক ময়ুৰ বৰা, কটন বিশ্ববিদ্যায়ৰ উপাচাৰ্য প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।
উক্ত অনুষঠানতে খুমটাইৰ সাংবাদিক বেদাঙ্গ তামূলীক উজনি অসম আৰু বিশ্বানাথৰ শান্তনু চামুৱাক উত্তৰ অসমৰ সমন্বয়কৰ দায়িত্ব প্ৰদান কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us