ৰাজ্যত ব্লক যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি

যুৱ কংগ্ৰেছৰ নীতি নিৰ্দেশনা অনুসৰি সম্পন্ন হোৱা সাংগঠনিক নিৰ্বাচনৰ অন্তত সকলো বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্লক যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু প্ৰশাসনিক সাধাৰণ সম্পাদকক নিযুক্তি প্ৰক্ৰিয়া ১অক্টোবৰত সম্পূৰ্ণ কৰিছে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিয়ে

author-image
Asomiya Pratidin
New Update
FDFDFDFDFDFDFDFD

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ শক্তিশালী যুৱ সংগঠন অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতি। ৰাজ্যিক ভিত্তিত সক্ৰিয় আৰু সবল সাংগঠনিক বুনিয়াদৰ বাবে প্ৰদেশ কংগ্ৰেছৰ এই ভাতৃ সংগঠনৰ গণতান্ত্ৰিক সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে।

প্ৰদেশ যুৱ কংগ্ৰেছৰ নীতি নিৰ্দেশনা অনুসৰি সম্পন্ন হোৱা এই সাংগঠনিক নিৰ্বাচনৰ অন্তত ৰাজ্যখনৰ সকলো বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো ব্লক যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু প্ৰশাসনিক সাধাৰণ সম্পাদকক নিযুক্তি প্ৰক্ৰিয়া ১অক্টোবৰত সম্পূৰ্ণ কৰিছে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিয়ে।

প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ডঃ নীল কমল ভূঞাই মঙলবাৰে এক নিৰ্দেশনা যোগে সকলো জিলা যুৱ কংগ্ৰেছৰ অন্তৰ্গত ব্লক যুৱ কংগ্ৰেছৰ নব নিৰ্বাচিত বিষয়ববিয়া সকলক  নিযুক্তি দিছে। লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ অন্তৰ্গত আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা আৰু ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ নব নিৰ্বাচিত  সভাপতি ,কাৰ্যকৰী সভাপতি আৰু প্ৰশাসনিক সাধাৰণ সম্পাদক সকলকো নিযুক্তি প্ৰদান কৰিছে।

WhatsApp Image 2025-10-01 at 7.31.46 PM

সেই অনুসৰি উদ্যমী যুৱ নেতা দেৱজিৎ হাজৰিকাক ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হিচাবে, ফিৰোজ দত্তক ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হিচাবে , মাৰ্চেল বুঢ়াগোহাঁইক কাৰ্যকৰী সভাপতি হিচাবে আৰু জেইল সিং দলেক ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক হিচাবে নিযুক্তি প্ৰদান কৰিছে।  

তাৰোপৰি বগীনদী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হিচাবে জিতু গগৈক আৰু অভিজিত নৰহক কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি প্ৰদান কৰিছে প্ৰদেশ যুৱ কংগ্ৰেছে ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা, ঘিলামৰা ব্লকৰ লগতে বগীনদী ব্লক যুৱ কংগ্ৰেছৰ নব নিযুক্ত বিষয়ববীয়া সকলক সংশ্লিষ্ট  ব্লক কংগ্ৰেছ সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছে। নব নিযুক্ত যুৱ নেতা সকলৰ নেতৃত্বত কংগ্ৰেছ দলটোৰ সাংগঠনিক পৰিকাঠামো অধিক সবল হোৱাৰ লগতে যুৱশক্তিক একত্ৰিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কংগ্ৰেছী সকলে আশা প্ৰকাশ কৰে।

কংগ্ৰেছ